হোজাইত শোক দিৱস পালন

হোজাইত শোক দিৱস পালন

author-image
Asomiya Pratidin
New Update
হোজাইত শোক দিৱস পালন

ডিজিটেল সংবাদ,লংকাঃ ২০০৪ চনৰ ১৫ আগষ্টত ধেমাজিৰ বোমা বিস্ফোৰণত প্ৰাণ আহুতি দিয়া সকলক স্মৰণ কৰি ১৬ আগষ্টত হোজাইত শোক দিৱস পালন কৰা হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত দিনৰ ১১বজাত এই শোক দিৱস অনুষ্ঠিত হয়।

Advertisment

অনুষ্ঠানৰ আঁত ধৰি কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী সকলে ১মিনিট মৌন প্ৰাৰ্থনা কৰে। লগতে শপত পাঠ কৰোৱায় হোজাই নিৰ্বাচনী বিষয়া শ্ৰীকৃষাণ জ্যোতি ডেকাই। অনুষ্ঠানত সকলো প্ৰশাসনিক বিষয়াৰ লগতে আন বিষয়া আৰু কৰ্মচাৰী সকল উপস্থিত থাকে।

Also Read: মুছলপুৰত ইউ পি পি এল দলৰ যোগদান কাৰ্যসূচী: শতাধিকৰ যোগদান

hojai