Advertisment

হোজাইত 'বিকাশৰ ১২ দিন' শীৰ্ষক কাৰ্যসূচী: উপস্থিত নন্দিতা গাৰ্লোছা

হোজাই জিলা প্ৰশাসনে শ্ৰীমন্ত শংকৰদেৱ নগৰত ক্ৰীড়া আৰু যুৱ কল্যাণ ইত্যাদি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোছাই  ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত জিলাখনৰ ১৯৬০ গৰাকী ছাত্ৰ ছাত্ৰীক স্কুটাৰ বিতৰণ কৰে।

author-image
Asomiya Pratidin
New Update
y

ডিজিটেল সংবাদ,হোজাইঃ  অসমৰ সামগ্ৰিক বিকাশ আৰু ৰাজ্যৰ জনতাৰ জীৱনৰ মান উন্নীতকৰণৰ বাবে অসম চৰকাৰে  শিক্ষা,উদ্যোগ,বিত্ত আৰু ৰাজহ বিভাগৰ আঁচনিৰ সম্ভাৰেৰে আৰম্ভ কৰা 'বিকাশৰ ১২ দিন' শীৰ্ষক কাৰ্যসূচী হোজাই জিলাতো ৰূপায়ণ কৰা হয়।

Advertisment

ইয়াৰ অংশ স্বৰূপে হোজাই জিলা প্ৰশাসনে শ্ৰীমন্ত শংকৰদেৱ নগৰত ক্ৰীড়া আৰু যুৱ কল্যাণ ইত্যাদি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোছাই  ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত জিলাখনৰ ১৯৬০ গৰাকী ছাত্ৰ ছাত্ৰীক স্কুটাৰ বিতৰণ কৰে।

লগতে মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত জিলাখনৰ নৱম শ্ৰেণীত অধ্যয়নৰত ৭২০৯ গৰাকী ছাত্ৰ-ছাত্ৰীক চাইকেল বিতৰণ আৰু আনন্দৰাম বৰুৱা বঁটাৰ অধীনত ৬৯৩ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ ডি বি টিৰ যোগে নগদ ধন প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰে।

অনুষ্ঠানত জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী, লামডিং আৰু হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ আৰু লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ ও উপস্থিত থাকে । ইফালে গুৱাহাটীত সাংবাদিকলৈ কন্দুয়া গেছ নিক্ষেপৰ প্ৰতিক্ৰিয়া সম্পৰ্কে সাংবাদিকৰ প্ৰশ্নৰ কোনো প্ৰতিক্ৰিয়া নিদিলে মন্ত্ৰী গৰাকীয়ে।।

নন্দিতা গাৰ্লোছা