জল জীৱন আঁচনিৰ পাইপেৰে পানীৰ পৰিৱৰ্তে ওলাইছে কুচিয়া

হোজাইৰ বৰহাওৰত জলজীৱন আঁচনিত পানীৰ সলনি ওলাইছে কুচিয়া। বৰহাওৰৰ আজানবস্তিত পানী যোগান কেন্দ্ৰৰ অধীন ৰসিদ আহমেদ নামৰ লোকজনৰ ঘৰত সংঘটিত হৈছে এই আজৱ ঘটনা। 

author-image
Asomiya Pratidin
New Update
jjjj

ডিজিটেল সংবাদ, মোৰাঝাৰঃ হোজাইৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা ৰূপায়ন হোৱা বিশুদ্ধ খোৱাপানী আঁচনি এতিয়া ধোঁৱা চাঙত উঠিছে। হোজাইৰ বৰহাওৰত জলজীৱন আঁচনিত পানীৰ সলনি ওলাইছে কুচিয়া। বৰহাওৰৰ আজানবস্তিত পানী যোগান কেন্দ্ৰৰ অধীন ৰসিদ আহমেদ নামৰ লোকজনৰ ঘৰত সংঘটিত হৈছে এই আজৱ ঘটনা। 

Advertisment

জল জীৱনৰ পানীৰ পাইপেৰে পানীৰ সলনি কুচিয়া ওলোৱা ভিডিঅ সমাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈছে। আনকি এই পানীযোগান আচনিৰ পৰা লেতেৰা পানী যোগান দিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ। 

হোজাই