Advertisment

উশাহ লোৱাত কষ্টঃ চীনত কোৰোনা সদৃশ নতুন ভাইৰাছ!

আকৌ চীনৰ পৰা বিয়পিব নেকি কোৰোনাৰ দৰে মহামাৰী। কিয়নো চীনত নতুনকৈ সৃষ্টি হোৱা এক ভাইৰাছে হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। হস্পাতালত সমূহত বাঢ়িছে ব্যাপক ভিৰ, ৰোগীসকলে কৰিছে হাঁহাকাৰ। এনে পৰিস্থিতিৰ মাজত প্ৰশ্ন উত্থাপিত হৈছে পুনৰ বিশ্বজুৰি

author-image
Asomiya Pratidin
New Update
 চীন

চীন Photograph: ( চীন)

ডিজিটেল ডেস্কঃ আকৌ চীনৰ পৰা বিয়পিব নেকি কোৰোনাৰ দৰে মহামাৰী। কিয়নো চীনত নতুনকৈ সৃষ্টি হোৱা এক ভাইৰাছে হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। হস্পাতালত সমূহত বাঢ়িছে ব্যাপক ভিৰ, ৰোগীসকলে কৰিছে হাঁহাকাৰ। এনে পৰিস্থিতিৰ মাজত প্ৰশ্ন উত্থাপিত হৈছে পুনৰ বিশ্বজুৰি বিয়পিব নেকি এক নতুন মহামাৰী।

Advertisment

চীনৰ স্বাস্থ্য কৰ্তৃপক্ষৰ মতে, এই ভাইৰাছ দেশখনৰ উত্তৰ অঞ্চলত বিয়পি পৰিছে। চীনা ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই নিশ্চিত কৰিছে যে উত্তৰ চীন আটাইতকৈ বেছি প্ৰভাৱিত হৈছে। HMPVয়ে সকলো বয়সৰ লোকক সংক্ৰমিত কৰিব পাৰে।

এই ৰোগ শিশুৰ মাজত সহজে সংক্ৰমিত হ’ব পাৰে, যাৰ ফলত জনস্বাস্থ্যৰ উদ্বেগ অধিক বৃদ্ধি পাইছে। শেহতীয়াকৈ চীনত বিশেষকৈ শিশু আৰু বৃদ্ধসকলৰ মাজত এই শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ ঘটনা অতি দ্ৰুতগতিত বৃদ্ধি পোৱা দেখা গৈছে। এই ভাইৰাছৰ লক্ষণ চৰ্দি আৰু ফ্লুৰ দৰেই – জ্বৰ, কাহ, নাকেৰে পানী ওলোৱা আৰু কেতিয়াবা উশাহ লোৱাত কষ্ট হোৱা। গুৰুতৰ ক্ষেত্ৰত ইয়াৰ ফলত নিউমোনিয়াৰ দৰে জটিলতা আহিব পাৰে। 

চীনৰ চিকিতসকে শেহতীয়াকৈ সদৰি কৰা অনুসৰি, HMPV নতুন ৰোগ নহয়। ২০০১ চনত ইয়াক প্ৰথম চিনাক্ত কৰা হৈছিল আৰু প্ৰতি বছৰে ঋতুভিত্তিক সংক্ৰমণ হিচাপে ই দেখা দিয়ে। এই ৰোগক লৈ বিভিন্ন উৰাবাতৰি বিয়পিছে যদিও  এই সন্দৰ্ভত চীন চৰকাৰ বা বিশ্ব স্বাস্থ্য সংস্থাই (WHO) কোনো আনুষ্ঠানিক সতৰ্কবাণী জাৰি কৰা নাই।

কোভিড