এইচএমপিভিঃ সাৱধানতা অৱলম্বনৰ পৰামৰ্শ স্বাস্থ্য মন্ত্ৰালয়ৰ

এইচএমপিভি ভাইৰাছক সহজভাৱে লোৱা নাই ভাৰতে। সেয়ে এই লক্ষণসমূহৰ ওপৰত চোকা দৃষ্টি ৰাখিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে। লগতে পৰিস্থিতি নিৰীক্ষণ কৰি থকা আৰু এই সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ সৈতেও যোগাযোগত আছে স্বাস্থ্য মন্ত্ৰালয়।

author-image
Asomiya Pratidin
New Update
েোিেি

ডিজিটেল ডেস্কঃ  চীনত পুনৰবাৰ বিয়পি পৰিছে নতুন ভাইৰাছৰ সংক্ৰমণ। যাৰ লক্ষণসমূহো কৰ'ণা ভাইৰাছৰ দৰে ঠিক একেই। এই নতুন ভাইৰাছবিধৰ নাম হৈছে হিউমেন মেটানিউমো’ ভাইৰাছ (HMPV)। চীনৰ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচন (CDC)ৰ তথ্য অনুসৰি ইয়াৰ লক্ষণসমূহ হৈছে- কাহ, জ্বৰ, নাক বন্ধ হোৱা আৰু ডিঙিত বিষ অনুভৱ কৰা। চীনত HMPVৰ ৰোগীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে।

Advertisment

এইচএমপিভি ভাইৰাছক সহজভাৱে লোৱা নাই ভাৰতে। সেয়ে এই লক্ষণসমূহৰ ওপৰত চোকা দৃষ্টি ৰাখিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে। লগতে পৰিস্থিতি নিৰীক্ষণ কৰি থকা আৰু এই সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ সৈতেও যোগাযোগত আছে স্বাস্থ্য মন্ত্ৰালয়।

স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ ডাঃ অতুল গোৱালে এইচএমপিভি সন্দৰ্ভত ৰাইজক সাধাৰণ সাৱধানতা অৱলম্বন কৰাৰ পৰামৰ্শ দিছে। সমান্তৰালকৈ আতংকিত হ'বলগীয়া একো নাই বুলিও উল্লেখ কৰে গোৱালে।

তেওঁ লগতে কয়, "সাধাৰণ সাৱধানতা অৱলম্বন কৰক। কাহ আৰু হাঁচিৰ বাবে ৰুমাল বা টাৱেল ব্যৱহাৰ কৰক আৰু চৰ্দি বা জ্বৰৰ বাবে প্ৰয়োজনীয় স্বাভাৱিক ঔষধ খাওক। বৰ্তমানৰ পৰিস্থিতিক লৈ আতংকিত হ'বলগীয়া একো নাই।কিন্তু শিশু আৰু বৃদ্ধৰ ক্ষেত্ৰত এই আশংকা বেছি। "

লগতে লক্ষণসমূহ উল্লেখ কৰে- এইচ এম পি ভিৰ সৈতে সাধাৰণতে জড়িত লক্ষণসমূহ হ’ল কাহ, জ্বৰ, নাক বন্ধ হোৱা, উশাহ লোৱাত কষ্ট। কাহ আৰু হাঁচিৰ পৰা ওলোৱা নিঃসৰণ আৰু ঘনিষ্ঠ ব্যক্তিগত সংস্পৰ্শৰ জৰিয়তে সংক্ৰমিত ব্যক্তিৰ পৰা আনলৈ বিয়পি পৰাৰ সম্ভাৱনা বেছি।

ইফালে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ অধীনস্থ নেশ্যনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ’লে শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণ আৰু ইনফ্লুৱেঞ্জা ৰোগীৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে।

 

এইচএমপিভি