তিৱা-মিচিং-ৰাভাৰ সাংবিধানিক মৰ্যাদাৰ দিশে কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ; নিয়োগ হ’ব মধ্যস্থতাকাৰী

পৃথকে পৃথকে তিনিওটা জনগোষ্টীৰ পৰিষদ সমূহৰ মুখ্যকায্যবাহী বিষয়া আৰু জাতীয় দল সংগঠনৰ প্ৰতিনিধিৰে বৈঠক অনুষ্ঠিত হয় ৷ আমি তিনিওটা জনগোষ্টীক " সাংবিধানিক অধিকাৰ" প্ৰদান কৰিবৰ বাবে আহ্বান জনাইছো।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,নতুন দিল্লীঃ  অসমৰ তিনিটা জনগোষ্ঠী ক্ৰমে তিৱা, মিচিং আৰু ৰাভাৰ দীৰ্ঘদিনীয়া দাবীক লৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনা সম্পন্ন হৈছে। নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে অনুষ্ঠিত এই বৈঠকত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰী ডা০ ৰণোজ পেগু উপস্থিত থাকে।

বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত মন্ত্ৰী ৰণোজ পেগুৱে জানিবলৈ দিয়ে যে, ৰাজ্য চৰকাৰে এই তিনিটা জনগোষ্ঠীক সাংবিধানিক মৰ্যাদা প্ৰদানৰ বাবে যি প্ৰস্তাৱ প্ৰেৰণ কৰিছিল, সেই ভিত্তিত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে ফলপ্ৰসূ আলোচনা হৈছে। 

গৃহমন্ত্ৰীগৰাকীয়ে তিনিওটা জনগোষ্ঠীৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যসকলৰ লগতে জাতীয় দল-সংগঠনৰ প্ৰতিনিধিসকলৰ সৈতেও পৃথকে পৃথকে আলোচনাত মিলিত হয়।

মন্ত্ৰী পেগুৱে কয়, আমি তিনিওটা জনগোষ্ঠীক "সাংবিধানিক অধিকাৰ" প্ৰদান কৰিবৰ বাবে আহ্বান জনাইছো।সমগ্ৰ বিষয়টো আগবঢ়াই নিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে এজন মধ্যস্থতাকাৰী নিয়োগ কৰিব ৷ আলোচনাত উপস্থিত সকলো নেতৃত্বই আলোচনা ইতিবাচক বুলিও তেওঁ মন্তব্য কৰে ৷

গৃহমন্ত্ৰী অমিত শ্বাহ শিক্ষামন্ত্ৰী ৰণোজ পেগু