দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ নন্দিনী কাশ্যপ...

হিট এণ্ড ৰাণ গোচৰত অভিযুক্ত নন্দিনী কাশ্যপক আজি কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ পিছত তেওঁক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়।

author-image
Asomiya Pratidin
New Update
দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ নন্দিনী কাশ্যপ...

ডিজিটেল ডেস্কঃ হিট এণ্ড ৰাণ গোচৰত অভিযুক্ত নন্দিনী কাশ্যপক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। মঙলবাৰে প্ৰথমে আটক কৰাৰ পিছত নিশা গ্ৰেপ্তাৰ কৰা নন্দিনী কাশ্যপক আজি কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ পিছত তেওঁক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়। জানিব পৰা মতে আৰক্ষীয়ে নন্দিনীক ৫ দিনৰ বাবে নিজৰ জিম্মাত বিচাৰিছিল। 

Advertisment

সম্প্ৰতি পাণবজাৰ মহিলা আৰক্ষী থানাত থকা নন্দিনী কাশ্যপৰ বিৰুদ্ধে ৰুজু হৈছে ভাৰতীয় ন্যায় সংহিতাৰ ১০৫ ধাৰাত গোচৰ। এই গোচৰতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। যোৱা ২৫ জুলাইৰ পুৱতি নিশা কাহিলীপাৰাৰ দক্ষিণ গাঁৱত নিজা বাহনেৰে তীব্ৰ বেগেৰে গৈ থকা অৱস্থাতন নন্দিনীয়ে বিপৰীত দিশেৰে স্কুটিৰে আহি থকা অৱস্থাত ছামিউল হক নামৰ এজন যুৱকক খুন্দা মাৰিছিল আৰু সেই স্থানৰ পৰা পলায়ন কৰিছিল।

তাৰ পিছতেই ৰাজ্যজুৰি নন্দিনী কাশ্যপৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছিল। ইফালে অতি গুৰুতৰভাৱে আহত হোৱা ছামিউল হক নামৰ যুৱকজনৰ চিকিৎসাধীন অৱস্থাতে গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পাতলত মঙলবাৰে মৃত্যু হয়। তাৰ পিছতেই শৰাইঘাট দলঙৰ সমীপৰ পৰা আৰক্ষীয়ে প্ৰথমে নন্দিনীক আটক কৰে আৰু তাৰ পিছত নিশা গ্ৰেপ্তাৰ কৰে।

নন্দিনীৰ বিৰুদ্ধে আন কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আৰম্ভণিৰ পৰাই দুৰ্ঘটনা সন্দৰ্ভত তেওঁ কেইবাটাও অসত্য কথা সংবাদ মাধ্যমত প্ৰকাশ কৰিছিল। নন্দিনীৰ সেই অসত্যসমূহ এটা এটাকৈ স্পষ্ট হৈ পৰাত তেওঁৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰৱল জনমত গা কৰি উঠিছে। তাৰ মাজতেই ৰাজধানী থিয়েটাৰে তেওঁৰ সৈতে থকা এবছৰীয়া চুক্তি বাতিল কৰাৰ কথা ঘোষণা কৰিছে। 

দুৰ্ঘটনা গুৱাহাটী আৰক্ষী