প্ৰশাসনিক তথা পৰিচালনা খণ্ডত জানুৱাৰীত ৩২ শতাংশ নিযুক্তি বৃদ্ধি

দেশৰ প্ৰশাসনিক তথা পৰিচালন ডেস্কত বৃদ্ধি পাইছে নিযুক্তিৰ হাৰ। ২০২৫ৰ জানুৱাৰীত এই নিযুক্তিৰ হাৰ ৩২ শতাংশ লৈ বৃদ্ধি হৈছে। 

author-image
Asomiya Pratidin
New Update
Hiring for white-collar jobs in surges 32 percent in january

Hiring for white-collar jobs in surges 32 percent in january

ডিজিটেল ডেস্ক : দেশৰ প্ৰশাসনিক তথা পৰিচালন ডেস্কত বৃদ্ধি পাইছে নিযুক্তিৰ হাৰ। ২০২৫ৰ জানুৱাৰীত এই নিযুক্তিৰ হাৰ ৩২ শতাংশ লৈ বৃদ্ধি হৈছে। 

Advertisment

অৰ্ধপৰিবাহী, শক্তি, ব্যৱস্থাপনা আৰু উৎপাদন আদিৰ দৰে খণ্ডত বৃদ্ধি পাইছে নিযুক্তিৰ হাৰ। ইয়াৰ কাৰণ হৈছে উল্লেখিত খণ্ডকেইটাত গ্ৰাহকৰ চাহিদা বৃদ্ধি, কেন্দ্ৰীয় বাজেট ২০২৫-২৬ৰ পৰা কৌশলগত প্ৰৰোচনা আৰু বহনক্ষমতা পদক্ষেপৰ বাবে নিযুক্তি বৃদ্ধি পাইছে বুলি উল্লেখ কৰে। 

উল্লেখযোগ্য যে বিগত দুটা বছৰত সেউজ খণ্ডতো বৃদ্ধি পাইছে নিযুক্তিৰ হাৰ। প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি এই খণ্ডত ৪১% লৈ বৃদ্ধি পাইছে নিযুক্তি। সেউজ খণ্ডৰ ভিতৰত আছে নবীকৰণযোগ্য শক্তি, বৈদ্যুতিক বাহন আৰু সেউজ হাইড্ৰজেন প্ৰকল্প । 

নিযুক্তি বৃদ্ধি সন্দৰ্ভত ফাউণ্ডিটৰ মুখ্য ৰাজহ বিষয়া প্ৰণয় কালে কয় যে, ভাৰতৰ চাকৰিৰ বজাৰখন শক্তিশালী গতিৰে বৃদ্ধি পাইছে। মূল উদ্যোগসমূহৰ মাজত নিযুক্তিৰ উত্থান ঘটিছে। ভ্ৰমণ, খুচুৰা, আৰু সেউজ চাকৰিৰ দৰে খণ্ডসমূহে স্থায়ী গতি লাভ কৰিছে, যিয়ে ব্যৱসায়িক আত্মবিশ্বাস আৰু উদ্যোগৰ অগ্ৰাধিকাৰৰ বিকাশৰ প্ৰতিফলন ঘটাইছে।

job