গীত, কবিতা, নৃত্য, সম্বৰ্দ্ধনাৰে 'সুগন্ধি পখিলা'ৰ দিনজোৰা অনুষ্ঠান

ফে'চবুক গোট 'সুগন্ধি পখিলা'ৰ অসমৰ ভিন্ন স্থানৰ শতাধিক সদস্য-সদস্যাৰ উদ্যোগত গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে কবি হীৰেন ভট্টাচাৰ্যৰ জন্মদিন উদযাপনৰ লগতে গোটৰ আলোচনী 'এচেৰেঙা জোনাক' উন্মোচন কৰা হয়

author-image
Asomiya Pratidin
New Update
AP FOR WEB cfgju

ডিজিটেল সংবাদ, গুৱাহাটী : ফে'চবুক গোট 'সুগন্ধি পখিলা'ৰ অসমৰ ভিন্ন স্থানৰ শতাধিক সদস্য-সদস্যাৰ উদ্যোগত গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে কবি হীৰেন ভট্টাচাৰ্যৰ জন্মদিন উদযাপনৰ লগতে গোটৰ আলোচনী 'এচেৰেঙা জোনাক' উন্মোচন কৰা হয়। কল্পনা শৰ্মা আৰু ব্ৰজেন ভাইকণে আঁত ধৰা অনুষ্ঠানটিৰ দিনৰ ১০ বজাত বন্তি প্ৰজ্বলনৰে সূচনা কৰা হয়।

Advertisment

বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ সাংবাদিক, গীতিকাৰ,সুৰকাৰ মণি মহন্তই। হীৰেণ ভট্টাচাৰ্যৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে গোটৰ জ্যেষ্ঠ সদস্য ভূপেশ শৰ্মাই।

সভাত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰা 'প্ৰতিদিন টাইম'ৰ মুখ্য সম্পাদক নিতুমণি শ‌‌ইকীয়া, গীতিকাৰ- সুৰকাৰ মণি মহন্ত, সাংস্কৃতিক কৰ্মী ডাঃ অঞ্জনজ্যোতি চৌধুৰী, কবি জ্যোৎস্না ৰাণী বেগমৰ লগতে 'সুগন্ধি পখিলা'ৰ মুখ্য পৃষ্ঠপোষক শৰ্মিলা ডেকাই মুখপত্ৰ 'এচেৰেঙা জোনাক' উন্মোচন কৰে। আমন্ত্ৰিত অতিথিসকলে আগবঢ়োৱা ভাষণত গোটটোৰ প্ৰয়াসৰ প্ৰশংসা কৰে।

গোটৰ অন্যতম প্ৰতিষ্ঠাপক নীৰৱ জোনাকে জ্যেষ্ঠা সদস্যা শৰ্মিলা ডেকাক 'সুগন্ধি  জননী বঁটা' প্ৰদান কৰে। 'সুগন্ধি পখিলা'ৰ দিনজোৰা কাৰ্যসূচীত সদস্য-সদস্যাসকলে  কবিতাপাঠ, গীত-নৃত্য আদি পৰিবেশন কৰে। গীতালী ডাঞ্চ একাডেমীৰ সদস্যসকলেও নৃত্য প্ৰদৰ্শন কৰে।

বিশিষ্ট অতিথিবৃন্দক সম্বৰ্দ্ধনা জনায় সম্পাদক জিতু দত্ত, সভানেত্ৰী ৰুলী শৰ্মাৰ লগতে সদস্যা কল্পনা দেৱী, চিত্ৰা ডেকা, কল্পনা দত্ত, শংকু ভদ্ৰ‌ই। অনুষ্ঠানত বিভিন্ন প্ৰতিযোগিতাৰ পুৰস্কাৰ প্ৰদান কৰে কেশৱ ধিং বৰাই।

অনুষ্ঠানত বিশেষ সহযোগিতা আগবঢ়োৱা গোটৰ উপদেশ ৰঞ্জিতা সিংহ আৰু সম্পাদক জিতু দত্তক একোখন সঁফুৰা আৰু গামোচাৰে সম্মান জনায় নীৰৱ জোনাকে। সুৰেন বৰ্মন আৰু জ্যোতিষ কলিতাই বাদ্য সংগত কৰা বর্ণময় অনুষ্ঠানটোত বিভিন্ন গীত-মাত‌, কবিতা,নৃত্যৰে সজাই তোলাসকল আছিল অভিনৱ কাশ্যপ, গৌতম দাস, কৰুণা ৰয়, অঞ্জু শর্মা, মামণি দাস, ৰূপৰেখা পাঠক, ৰূপা বৰপূজাৰী,  জোন কলিতা, অন্নদা বড়ো, চিত্রা ডেকা, অঞ্জু ভূঞা, ধৰিত্ৰী চৌধুৰী, পুর্ণিমা কলিতা, কল্পনা দেবী, কল্পনা দত্ত, পদ্মা লহকৰ, প্রতিমা বৈশ্য, আব্দুল আলিম, ছাহজাহান আলী,অঞ্জু ডেকা, ৰঞ্জু শ‌‌ইকীয়া, দীপিকা দাস, আৰু বহুতো সদস্য সদস্যা।

Hiren Bhattacharya