/asomiyapratidin/media/media_files/2025/05/24/pg099CKUSIRBLI89Qg24.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ চাপৰমুখৰ বামুনীজানৰ নিবাসী অসম আন্দোলনৰ সক্ৰিয় কৰ্মী, বিশিষ্ট নাট পৰিচালক, শিক্ষাবিদ হিৰণ্য কুমাৰ ভট্টাচাৰ্যই আজি গুৱাহাটীৰ এখন চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰে। প্ৰথমে ক'ভিডত আক্ৰান্ত হৈছিল ভট্টাচাৰ্য।
তেওঁ এবছৰৰো অধিক সময় অসম চিকিৎসা মহাবিদ্যালয়ৰ তত্বাৱধানত আছিল। পাছলৈ তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হৈ অধিক অসুস্থ হৈ পৰে। প্ৰায় এসপ্তাহ পূৰ্বে গুৱাহাটীৰ ড০ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত ভৰ্তি কৰোৱা হৈছিল ভট্টাচাৰ্যক।
আজি পুৱা ১০-৩০ বজাত চিকিৎসালয়তেই তেওঁৰ মৃত্যু হয় ৷ ১৯৫৩ চনত বামুনীজান গাঁৱত জন্ম গ্ৰহণ কৰা ভট্টাচাৰ্যই বামুনীজান এম ভি স্কুলত প্ৰাথমিক শিক্ষা সমাপ্ত কৰাৰ পাছত নগাঁৱত মাধ্যমিক, স্নাতক আৰু পাছলৈ বি এড ডিগ্ৰী গ্ৰহণ কৰে ৷ ভট্টাচাৰ্যৰ পৰিয়ালৰ ভূমি দানৰে প্ৰতিষ্ঠা কৰা বামুনীজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে ৷
একেৰাহে ১০ বছৰৰো অধিক সময় বিনাবেতনৰে অপ্ৰাদেশীকৃত বিদ্যালয় খনত কাৰ্যনিবাহ কৰি থকাৰ পাছত ১৯৯১ চনত বিদ্যালয় খন প্ৰাদেশীকৃত হয় আৰু ২০১৩ চনত চাকৰিৰ পৰা অৱসৰ লয় ৷ সৰুৰে পৰাই নাটক,ভাওনা আদিৰ লগত জড়িত হৈ পৰা ভট্টাচাৰ্য এগৰাকী সুদক্ষ অভিনেতা হিচাপে পৰিচিত আছিল।
বৃহত্তৰ অঞ্চলটোৰ যুৱক-যুৱতী সকলক অভিনয়ৰ লগত পৰিচয় কৰি দিয়া, বিভিন্ন নাট্য মঞ্চত নাট অভিনয় কৰি সমাদৰ লাভ কৰা ভট্টাচাৰ্যই পৰৱৰ্তী সময়ত নাট পৰিচালক হিচাপে আৰু নাটকৰ গুৰু হিচাপে অঞ্চলত খ্যাতি লাভ কৰিছিল ৷ তেওঁ কাৰ্যনিৰ্বাহ কৰি থকা বিদ্যালয়খন অপ্ৰাদেশীকৃত হৈ থকা সময়ত সুৰদেৱী থিয়েটাৰত এগৰাকী সুদক্ষ অভিনেতা হিচাপে ৰাইজৰ সমাদৰ লাভ কৰিছিল ৷
ইয়াৰোপৰি বামুনীজান-কচুৱাৰ পৰাই তেখেতৰ সক্ৰিয় সহযোগিতাৰে সপ্তৰ্ষি থিয়েটাৰ নামৰ এটি নাট্য দলৰ জন্ম দিছিল৷ নাট্য দলটোৰ নাট পৰিচালক হিচাপেও অসমৰ বিভিন্ন ঠাইত দলটোৱে নাট মঞ্চস্থ কৰিছিল। ইয়াৰোপৰি হিৰণ্য কুমাৰ ভট্টাচাৰ্যই ১৯৯২ চনৰ পৰা জ্ঞান বিজ্ঞান সমিতি অসমৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল ৷
জ্ঞান বিজ্ঞান সমিতি অসমৰ সাক্ষৰতা অভিযানৰ ৰহা খণ্ড সমিতিৰ সন্মুখৰ পৰা নেতৃত্ব লোৱা ভট্টাচাৰ্যই প্ৰথমে ৰহা খণ্ডৰ কোষাধ্যক্ষ পাছলৈ সভাপতি লগতে কেন্দ্ৰীয় সমিতিৰো নেতৃত্ব লয় ৷ জ্ঞান বিজ্ঞান সমিতি অসমৰ এগৰাকী আজীৱন সদস্য ভট্টাচাৰ্যই ১৯৯৪ চনত "প্ৰচেষ্টা থ্ৰিফট এণ্ড ক্ৰেডিট কো-অপাৰেটিভ চোছাইটি" নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৰ সঞ্চালক হিচাপে দ্বায়িত্ব লয়।
ইয়াৰোপৰি প্ৰচেষ্টা নামৰ এই প্ৰতিষ্ঠানটোৰ বাবে বামুনীজানত এবিঘা ভূমিও ভট্টাচাৰ্যই দান কৰে ৷ অতি উদাৰ, সুবক্তা হিৰণ্য কুমাৰ ভট্টাচাৰ্যই ২০১৮ চনত সক্ৰিয় ৰাজনীতিত জড়িত হৈ পৰে ৷ ৰাজনীতিৰ ক্ষেত্ৰ খনত নামিয়ে তেওঁ দীঘলিআটী গাঁও পঞ্চায়তৰ পৰা সভাপতি হিচাপে ২০১৮ চনত কাৰ্যভাৰ লয় ৷
মৃত্যুৰ সময়লৈকে বিজেপিৰ এগৰাকী সক্ৰিয় কৰ্মী হিচাপে সেৱা আগবঢ়োৱা ভট্টাচাৰ্যই বসুন্ধৰী থান পৰিচালনা সমিতি, বামুনীজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি, জোঙাল-বলহু উন্নয়ন সমিতিৰ লগতে অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল ৷
তেখেত নশ্বৰদেহ বিয়লি ২ বজাত নিজ বাসগৃহ বামুনীজানলৈ অনাৰ পাছতে যথেষ্ট সংখ্যক গুণমুগ্ধই নশ্বৰদেহত শেষ শ্ৰদ্ধা জনায় ৷ ইয়াৰ পিছতে পুষ্পসজ্জিত বাহনৰে মৃতদেহটো প্ৰথমে দীঘলিআটি পঞ্চায়ত কাৰ্যালয়, বামুনীজান উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ লৈ যায় আৰু তাতো তেখেতক শেষ শ্ৰদ্ধা জনাই আৰু পাছত অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ৷
মৃত্যুৰ সময়ত তেওঁ পত্নীৰ সৈতে দুগৰাকী জীয়ৰী আৰু বহুতো আত্মীয় স্বজনক এৰি থৈ যায় ৷ ভট্টাচাৰ্যৰ মৃত্যুত ৰহা সমষ্টিৰ বিধায়ক শশী কান্ত দাস ,ৰহা আঞ্চলিক সাংবাদিক সন্থা,ৰহা আঞ্চলিক ছাত্ৰ সন্থা,মানব অধিকাৰ সংগ্ৰাম সমিতি ৰহা আঞ্চলিক,বামুনীজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতি, বসুন্ধৰী থান পৰিচালনা সমিতি, জোঙালবলহু উন্নয়ন সমিতি, তিৱা ছাত্ৰ সন্থাৰ লগতে বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে শোক প্ৰকাশ কৰে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us