ডিজিটেল ডেস্ক : ভাৰতৰ প্ৰতিৰক্ষাৰ উৎপাদন আৰু কাৰ্যকৰী সামৰ্থ শক্তিশালী কৰাৰ লক্ষ্যৰে এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে হিন্দুস্তান এৰ’নেটিকছ লিমিটেড চমুকৈ এইচ এ এলে। কোম্পানীটোৰ নাছিকত থকা প্লেণ্টটো পুনৰোজ্জীৱীত কৰাৰ সিদ্ধান্ত লৈছে এই বিমান নিৰ্মাণ প্ৰতিষ্ঠানটোৱে।
২০২৩ৰ ছেপ্তেম্বৰত কোম্পানীটোৱে লাভ কৰা ১.৩ মাৰ্কিন বিলিয়ন ঠিকাৰ ভিত্তিত ইয়াত নিৰ্মাণ কৰা হ’ব ১২ খন নতুন চুখইচু- ৩০ এম কে আই ফাইটাৰ জেট। প্ৰথমে নাছিকৰ এই উৎপাদন কেন্দ্ৰটো চুখই উৎপাদনৰ বাবে নিৰ্দিষ্টকৈ স্থাপন কৰা হৈছিল। সেয়েহে ইয়াক মেক ইন ইণ্ডিয়াৰ অধীনত এই উৎপাদন কৰিবলৈ ইয়াক পুনৰ কাৰ্য ক্ষমতা আৰম্ভ কৰা হৈছে।
অভিলাষী চুপাৰ চুখই কাৰ্যসূচীৰ অধীনত ইয়াক মুঠ ৮৪খন চুখই এম কে আই যুদ্ধ বিমান উন্নীতকৰণো কৰা হ’ব। প্ৰতিৰক্ষা অধিগ্ৰহণ পৰিষদে অনুমোদন কৰা আৰু নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ পৰা সেউজ সংকেত পালেই ৬৩ হাজাৰ কোটিটকীয়া এই প্ৰকল্প সফল ৰূপায়ণৰ কাম আৰম্ভ হ’ব।
উল্লেখযোগ্য যে চুপাৰ চুখইৰ অধীনত বৰ্তমানৰ এই বিমানসমূহৰ ক্ষমতা ১.৫ ৰ পৰা ১.৭ গুণ বেছি উন্নত কৰাৰ লগতে ইয়াত বেছি ৰেঞ্জৰ উন্নত ৰাডাৰ ব্যৱস্থা, ইনফাৰেট চাৰ্জ এণ্ড টেক চেনছৰ আৰু অত্যাধুনিক মিছন কম্পিউটাৰ সংলগ কৰা হ’ব।
এই উন্নতকৰণে পঞ্চম প্ৰজন্মৰ যুঁজাৰু বিমানৰূপে চুখই বিমানসমূহক মানৱবিহীন ত্ৰিমিং প্ৰযুক্তিৰে সংযোগ আৰু ড্ৰোণৰ সৈতে সমন্বয় স্থাপন কৰিবলৈ সক্ষম হ’ব। নাছিকৰ এই উদ্যোগৰ পুনৰোজ্জীৱীকৰণ ভাৰতীয় প্ৰতিৰক্ষাখণ্ডৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এনে প্ৰচেষ্টাই থলুৱা গৱেষণা আৰু উন্নয়ণ বৃদ্ধি কৰাৰ লগতে প্ৰতিৰক্ষাখণ্ডত দক্ষ বিনিয়োগ বৃদ্ধি কৰিব।