/asomiyapratidin/media/media_files/2025/01/20/dMGb9WLvCZ6YYFeWr4uu.jpg)
প্ৰয়াগৰাজ Photograph: (গংগা স্নান)
ডিজিটেল ডেস্কঃ প্ৰয়াগৰাজত আয়োজিত মহাকুম্ভ মেলাত এতিয়ালৈকে ৮কোটিৰো অধিক লোকে গংগাত স্নান কৰিছে। এই সংখ্যা আগন্তুক দিনকেইটাত আৰু অধিক বৃদ্ধি পাব। দেশ-বিদেশৰ ভিন্ন প্ৰান্তৰ পৰা কোটি কোটি লোক পাপ খণ্ডনৰ বাবে গংগাত গা ধোৱা দেখিবলৈ পোৱা গৈছে। কিন্তু আপুনি জানেনে হিন্দুয়ে নিজৰ পাপ খণ্ডনৰ বাবে গংগাত গা ধোৱাৰ পৰিৱৰ্তে মুছলমান লোকসকলে তেওঁলোকৰ পাপ খণ্ডন কৰিবলৈ কি কৰে!
হিন্দুলোকে নিজকে পৱিত্ৰ কৰিবলৈ গংগাত গা ধোৱাৰ পৰিৱৰ্তে মুছলমান লোকসকলেও নিজক পৱিত্ৰ কৰিবলৈ কিছু বিশেষ পন্থা অৱলম্বন কৰে। ইছলামৰ ধৰ্মৰ মতে, সেই সকলোবিলাক কামেই পাব যিবোৰে মানুহকে ধৰি অন্য জীৱকুল তথা প্ৰকৃতিৰ ক্ষতি সাধন কৰে।
যদিহে ইছলাম ধৰ্মৰ লোকে তেনে কোনো পাপ কৰে তেন্তে আল্লাৰ ওচৰত সেই পাপৰ ক্ষমা ভিক্ষা কৰিব লাগে। ইয়াৰ বাবে তেওঁলোকে নামাজ পঢ়ি এই পাপ খণ্ডন কৰিব পাৰে। ইছলাম ধৰ্মগুৰুৰ মতে, নামাজ হৈছে এখন পৱিত্ৰ নদীৰ দৰেই। যিয়ে এগৰাকী লোকৰ মনৰ সকলো পাপ ধুই নিয়ে। ইছলাম ধৰ্মৰ মতে, নিজৰ পাপ খণ্ডন কৰা আৰু নিজৰে শান্তিত ৰখাৰ একমাত্ৰ আহিলা হৈছে নামাজ পঢ়া।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, সনাতন ধৰ্মৰ সবাতোকৈ পৱিত্ৰ নদী হিচাপে গণ্য কৰা হয় গংগাক। হিন্দু শাস্ত্ৰত উল্লেখ আছে যে, মৃত্যুৰ পাছতো গংগাত অস্থি বিসৰ্জন কৰিলে আত্মাই মুক্তি লাভ কৰে। গংগাত স্নান কৰাৰ কথা উল্লেখ আছে ভাগৱত পুৰাণ, শিৱ পুৰাণ আৰু ভৱিষ্য পুৰাণৰ দৰে হিন্দু ধৰ্মৰ গ্ৰন্থত। এই গ্ৰন্থসমূহত উল্লেখ থকা অনুসকি, গংগা নদীত স্পৰ্শ কৰিলেই ব্যক্তিৰ পাপ খণ্ডন হয়।