ডিজিটেল ডেস্ক : বিপদত পৰিছে ৰাষ্ট্ৰদোহৰ গোচৰত গ্ৰেপ্তাৰ হোৱা হিন্দু সন্ন্যাসী চিন্ময়কৃষ্ণ দাস। বৃহস্পতিবাৰে হিন্দু সন্ন্যাসীগৰাকীৰ জামিন আবেদন নাকচ কৰিছে বাংলাদেশ উচ্চতম ন্যায়ালয়ে।
১১জনীয়া বিচাৰপীঠে আজি চিন্ময় কৃষ্ণ দাসৰ শুনানি গ্ৰহণ কৰাৰ পাছতে জামিন আবেদন নাকচ কৰে। প্ৰায় ডেৰ ঘণ্টাৰো অধিক সময় ধৰি চলা শুনানিৰ অন্তত ন্যায়াধীশ মহম্মদ ছাফিকুল ইছলামে হিন্দু সন্ন্যাসী দাসৰ জামিন নাকচ কৰা বুলি জনায়। লগতে ৰাষ্ট্ৰদোহৰ গোচৰত গ্ৰেপ্তাৰ হোৱা দাসৰ বিৰুদ্ধে অপৰাধ প্ৰমাণিত হ’লে তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ সম্ভৱনাৰ কথাও অৱগত কৰে।
ইয়াৰ পাছতে হিন্দু সন্ন্যাসীগৰাকী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে। উচ্চতম ন্যায়ালয়ৰ এই ৰায়ত সন্তুষ্ট নহয় সন্ন্যাসীগৰাকী। সেয়ে তেওঁ অতি শীঘ্ৰেই উচ্চ ন্যায়ালয়ৰ কাষ চাপিব বুলি জানিব পৰা গৈছে।
ইফালে সন্ন্যাসীগৰাকীৰ জামিন নাকচ কৰাকলৈ এতিয়া সৰ্বত্ৰে ক্ৰিয়া –প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কলকতাস্থিত ইস্কনৰ এগৰাকী উচ্চ পদস্থ বিষয়ববীয়া ৰাধা ৰমন দাসে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।
তেওঁ কয় যে এয়া অতিকৈ দুখজনক খবৰ। এই খবৰে মোক ব্যক্তিগতভাৱে বৰ আঘাত দিছে। নতুন বছৰত এনে খবৰ অতিকৈ দুখ লগা।
সমগ্ৰ বিশ্বই আশা কৰিছিল যে চিন্নয় কৃষ্ণই জামিন লাভ কৰিব, কিন্তু সেই আশাত চেঁচাপানী পৰিল। সন্ন্যাসীগৰাকীৰ জামিন লাভৰ ক্ষেত্ৰত ৰাধা ৰমনে বাংলাদেশ চৰকাৰক অনুৰোধ জনায়।
এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে যোৱা ২৫ নৱেম্বৰত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰী আৰক্ষীয়ে দেশদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল চট্টগ্ৰামৰ পুণ্ডাৰিক ধামৰ পুৰোহিত চিন্ময় কৃষ্ণক।