ৰক্তাক্ত বাংলাদেশ! দুৰ্বৃত্তৰ গুলীত প্ৰাণ হেৰুৱালে হিন্দু সাংবাদিক ৰাণা প্ৰতাপ বৈৰাগীয়ে

নিহত ৰাণা প্ৰতাপ বৈৰাগী এজন ব্যৱসায়ীৰ লগতে নৰাইলৰ পৰা প্ৰকাশিত ‘দৈনিক বিডি খবৰ’ নামৰ এখন বাতৰি কাকতৰ কাৰ্যবাহী সম্পাদক হিচাপেও কৰ্মৰত আছিল।

author-image
চয়নিকা শইকীয়া
আপডেট কৰা হৈছে
New Update
1

ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া বাংলাদেশৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে দেশখনত হিন্দু সংখ্যালঘুসকলৰ নিৰাপত্তাক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে। সোমবাৰে জেছৌৰ জিলাৰ মণিৰামপুৰত এজন হিন্দু যুৱকৰ গুলীয়াই হত্যা কৰাৰ পাছতে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে।

ঘটনা সন্দৰ্ভতপ্ৰাপ্ত তথ্য অনুসৰি,মৃত যুৱকজন কেশবপুৰ মহকুমাৰ আৰুৱা গাঁৱৰ তুষাৰ কান্তি বৈৰাগীৰ পুত্ৰ ৪৫ বছৰীয়া ৰাণা প্ৰতাপ বৈৰাগী। সোমবাৰে দুপৰীয়াৰ ভাগত দুৰ্বৃত্তই বৈৰাগীক অতি ওচৰৰ পৰা গুলীয়াই হত্যা কৰে। আৰক্ষীয়ে বৰ্তমানলৈকে এই হত্যাকাণ্ডৰ কোনো নিৰ্দিষ্ট কাৰণ বা উদ্দেশ্য প্ৰকাশ কৰা নাই আৰু কোনো অভিযুক্তকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

বিগত ৩ সপ্তাহত এয়া পঞ্চমটো হিন্দু বিৰোধী হিংসাত্মক ঘটনা। জানিব পৰা মতে, নিহত ৰাণা প্ৰতাপ বৈৰাগী এজন ব্যৱসায়ীৰ লগতে নৰাইলৰ পৰা প্ৰকাশিত ‘দৈনিক বিডি খবৰ’ নামৰ এখন বাতৰি কাকতৰ কাৰ্যবাহী সম্পাদক হিচাপেও কৰ্মৰত আছিল।

লক্ষ্যণীয় যে, যোৱা ৩১ ডিচেম্বৰত শৰীয়তপুৰ জিলাত এজন হিন্দু ব্যৱসায়ীক একাংশ উগ্ৰ জনতাই নৃশংসভাৱে আক্ৰমণ কৰিছিল।যুৱকজনে নিজৰ ফাৰ্মাচী বন্ধ কৰি ঘৰলৈ উভতি অহাৰ সময়তে তেওঁক ছুৰীৰে আঘাত কৰা হৈছিল আৰু গাত পেট্ৰ’ল ঢালি জুই লগাই দিয়া হৈছিল। পৰৱৰ্তী সময়ত ঢাকা মেডিকেল কলেজ হাস্পতালত তেওঁৰ মৃত্যু ঘটে।

উল্লেখ কৰা প্ৰয়োজন, বাংলাদেশত হিন্দুসকলৰ ওপৰত চলি থকা এই ধাৰাবাহিক হিংসাক লৈ ভাৰত চৰকাৰে ইতিমধ্যে তীব্ৰ উদ্বেগ আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ভাৰতে সংখ্যালঘুসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ বাংলাদেশ চৰকাৰক আহ্বান জনাইছে।

বাংলাদেশ বাংলাদেশী হিন্দু ভাৰত-বাংলাদেশ সীমান্ত ভাৰত-বাংলাদেশ