কেৱল ভাৰততে নহয়, এই ৮খন বিদেশী ৰাষ্ট্ৰতো আছে হিন্দী ভাষাৰ আদৰ...

কেৱল ভাৰততে নহয়, এই ৮খন বিদেশী ৰাষ্ট্ৰতো আছে হিন্দী ভাষাৰ আদৰ...

author-image
Asomiya Pratidin
New Update
কেৱল ভাৰততে নহয়, এই ৮খন বিদেশী ৰাষ্ট্ৰতো আছে হিন্দী ভাষাৰ আদৰ...

ডিজিটেল ডেস্কঃ  হিন্দী ভাৰতবৰ্ষৰ ৰাষ্ট্ৰভাষা। কিন্তু আপুনি জানেনে, সমগ্ৰ বিশ্বৰ প্ৰায় ৪২৫মিলিয়ন মানুহে হিন্দীক প্ৰথম ভাষা হিচাপে ব্যৱহাৰ কৰে। এক সমীক্ষা অনুসৰি, বিশ্বৰ প্ৰায় ১২০মিলিয়ন মানুহে হিন্দীৰ দ্বিতীয় ভাষা হিচাপে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰে।

Advertisment

ভাৰতবৰ্ষৰ বাহিৰেও বিশ্বৰ অইন কেইবাখনো দেশত  হিন্দী ভাষাক প্ৰধান ভাষা হিচাপে মান্যতা প্ৰদান কৰা হৈছে। ফিজিৰ দৰে দেশত হিন্দী ভাষাৰ অন্যতম এটি ৰাষ্ট্ৰভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে। দেশখনৰ প্ৰায় ৩৮শতাংশ লোকে প্ৰধান ভাষা হিচাপে ব্যৱহাৰ কৰে হিন্দী ভাষাক।

ফিজিৰ বাহিৰেও হিন্দীক অধিক প্ৰাধান্য দিয়া দেশসমূহৰ ভিতৰত নেপালো অন্যতম। এইখন দেশত প্ৰায় ৮মিলিয়ন মানুহে হিন্দী বুজি পায় আৰু কব পাৰে। প্ৰায় ৮০হাজাৰ নেপালী মানুহে হিন্দী সলসলীয়াকৈ কব পাৰে বুলিও এক সমীক্ষাত প্ৰকাশ পাইছে।

বিট্ৰেইনতো হিন্দীৰ আদৰ অতিকৈ বেছি। ইয়াত প্ৰায় ৬.৫লাখ লোকে হিন্দী সলসলীয়াকৈ ক'ব পাৰে। দেশখনত জনপ্ৰিয় ভাষাৰ তালিকাত হিন্দী আছে একাদশ স্থানত। 

হিন্দীক প্ৰাধান্য দিয়া দেশৰ ভিতৰত চিংগাপুৰো অন্যতম। দেশখনৰ ১.২শতাংশ মানুহে সলসলীয়াকৈ হিন্দী কব পাৰে। হিন্দী বুজি পোৱা মানুহৰ সংখ্যা তাতোকৈ অধিক। ইংলেণ্ডতো ১.৫৩শতাংশ লোকে হিন্দী ভাষাক প্ৰধান ভাষাক প্ৰধান ভাষা হিচাপে ব্যৱহাৰ কৰে।  এনেকৈয়ে ভাৰতৰ উপৰিও বিদেশতো আছে হিন্দী ভাষাৰ আদৰ।

হিন্দী ভাষা