/asomiyapratidin/media/media_files/2025/06/08/wXOMldSA4DYjk1nwJj5o.jpg)
ডিজিটেল ডেস্ক : দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আইকনিক পি এম আখ্যা দিছে অভিনেত্ৰী হীনা খানে। প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডীৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে অভিনেত্ৰীগৰাকীয়ে এই মন্তব্য কৰে।
তেওঁ কয়- নৰেন্দ্ৰ মোডী দেশৰ আইকনিক প্ৰধানমন্ত্ৰী। তেওঁৰ বলিষ্ঠ নেতৃত্বৰে সম্পূৰ্ণ হ’ল ১১ বছৰীয়া কাৰ্যকাল। মোদীৰ কাৰ্যকালৰ সময়ছোৱাত ভাৰত অধিক শক্তিশালী হৈ উঠিছে। প্ৰতিটো ক্ষেত্ৰত দেশে এতিয়া পূৰ্বতকৈ ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে।
তেওঁ আৰু কয়- দেশৰ আন্তঃগাঁথনি, প্ৰযুক্তি, মহাকাশ, চিকিৎসা, আয়ুষ্মান ভাৰত, দৰিদ্ৰতা হ্ৰাস, প্ৰতিৰক্ষা আৰু অৰ্থনীতিৰ দৰে বিশাল ক্ষেত্ৰত মোদীৰ নেতৃত্বত পূৰ্বতকৈ বহু উন্নত আৰু সন্তোষজনক ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। ৩৭ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে ভাৰত এখন উন্নত দেশ হ’ব পাৰে বুলি বিশ্বাস কৰে বুলিও মন্তব্য প্ৰকাশ কৰে।