এই যুদ্ধত মই জয়ী হ'মেইঃ কৰ্কট ৰোগত আক্ৰান্ত অভিনেত্ৰী হিনাই কাটিলে মৰমৰ চুলিটাৰি...

এই যুদ্ধত মই জয়ী হ'মেইঃ কৰ্কট ৰোগত আক্ৰান্ত অভিনেত্ৰী হিনাই কাটিলে মৰমৰ চুলিটাৰি...
Published on
Updated on

ডিজিটেল ডেস্কঃ দীঘল চুলিটাৰি প্ৰতিগৰাকী মহিলাৰে কাম্য।একোছা সুন্দৰ ধৌ খেলা চুলি অন্যৰ ইৰ্ষাৰ কাৰণ। কিন্তু বহু যতনেৰে ৰখা চুলিখিনি যেতিয়া নিজ হাতে কাটিবলগীয়া হয় সেই দুখ কেৱল ভুক্তভোগীয়ে অনুভৱ কৰিব পাৰে। দৰাচলতে প্ৰথমটো কেমো থেৰাপিৰ পিছতে নিজ হাতে চুলি কাটিলে অভিনেত্ৰী হিনা খানে।

কেমো থেৰাপিৰ পিছতে ইনষ্টাগ্ৰামত চুলিখিনি কটাৰ ভিডিঅ' শ্বেয়াৰ কৰি এটা আৱেগিক টোকা প্ৰকাশ কৰে অভিনেত্ৰীগৰাকীয়ে।তেওঁ কয় যে,তেওঁৰ মাতৃয়ে কান্দি কান্দি তেওঁক আশীৰ্বাদ দিছে। সপোনৰো অগোচৰ এই পৰিস্থিতিৰ বাবে নিজকে প্ৰস্তুত কৰি আছিল হিনাৰ মাতৃয়ে।লগতে এই আৱেগবোৰ চম্ভালিবলৈ আমি সকলো সমানে সক্ষম নহয় বুলিও নোটত উল্লেখ কৰে অভিনেত্ৰী খানে৷

উল্লেখ্য যে, কেন্সাৰ ধৰা পৰা পিছৰে পৰা হিনাই অনুৰাগী সকলক স্বাস্থ্যৰ বিষয়ে প্ৰতিটো আপডেট জনাই আহিছে। ৪ জুলাইত হিনাই শ্বেয়াৰ কৰা শেহতীয়া ভিডিঅ'টোৱে অনুৰাগীক আৱেগিক কৰি তুলিছে। কিন্তু ধৈৰ্য্য হেৰুৱা নাই অভিনেত্ৰী গৰাকীয়ে।

তেওঁ নোটত লিখে যে, মই এই যুদ্ধত জয়ী হোৱাৰ সিদ্ধান্ত লৈছো। মোৰ ধুনীয়া চুলিখিনি নিজে সৰি যোৱাৰ আগতেই কাটি পেলাইছো।মই উপলব্ধি কৰিছো যে মোৰ প্ৰকৃত মুকুট হৈছে মোৰ সাহস,মোৰ শক্তি আৰু নিজৰ প্ৰতি থকা মোৰ প্ৰেম।

এইখিনিতে উল্লেখ কৰাটো প্ৰয়োজন যে, কিছুদিন পূৰ্বে অভিনেত্ৰী হিনা খানৰ ষ্টেজ ৩ স্তন কেন্সাৰ ধৰা পৰিছিল। এই সময়ছোৱাত সকলোৱে একে মুখে হিনা খানৰ আশু আৰোগ্য কামনা কৰিছে।

এই যুদ্ধত মই জয়ী হ'মেইঃ কৰ্কট ৰোগত আক্ৰান্ত অভিনেত্ৰী হিনাই কাটিলে মৰমৰ চুলিটাৰি...
জামুগুৰি গৰখীয়া থানত চকু চিকিৎসা শিবিৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in