অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে গৌৰীপুৰৰ জীয়ৰী হিমাশ্ৰী শৰ্মাই

দিল্লীৰ নয়দাত অনুষ্ঠিত যুৱ মহোৎসৱত সৰ্বভাৰতীয় পৰ্যায়ত শাস্ত্ৰীয় কথক নৃত্যত সোণৰ পদক লাভ কৰি অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ধুবুৰী জিলাৰ গৌৰীপুৰৰ জীয়ৰী হিমাশ্ৰী শৰ্মা

author-image
Asomiya Pratidin
New Update
অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে গৌৰীপুৰৰ জীয়ৰী হিমাশ্ৰী শৰ্মাই

অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে গৌৰীপুৰৰ জীয়ৰী হিমাশ্ৰী শৰ্মাই

ডিজিটেল সংবাদ, পৰ্বতঝোৰা : দিল্লীৰ নয়দাত অনুষ্ঠিত যুৱ মহোৎসৱত সৰ্বভাৰতীয় পৰ্যায়ত শাস্ত্ৰীয় কথক নৃত্যত সোণৰ পদক লাভ কৰি অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ধুবুৰী জিলাৰ গৌৰীপুৰৰ জীয়ৰী হিমাশ্ৰী শৰ্মাই। উল্লেখযোগ্য যে চত্তিছগড়ৰ ইন্দিৰা কলা বিশ্ববিদ্যালয় পৰা প্ৰতিনিধিত্ব কৰি যুৱ মহোৎসৱৰ কথক নৃত্য প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰে হিমাশ্ৰীয়ে। 

উল্লেখযোগ্য যে, ৰাজ্যলৈ সুনাম কঢ়িয়াই অনা হিমাশ্ৰী শৰ্মাক বিভিন্ন জনে শিল্পীগৰাকীৰ নিজ ঘৰত উপস্থিত হৈ সম্বৰ্ধনা জনায়। প্ৰণিধানযোগ্য যে, প্ৰয়াত পিতৃ হিৰণ শৰ্মাও সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত আছিল। ঘৰতে পাইছিল তেওঁ এটা সাংস্কৃতিক পৰিৱেশ।

সেয়ে তেওঁ পিতৃ আৰু মাতৃ পুলুমা শৰ্মাৰ পৰা পোৱা সাহস আৰু অনুপ্ৰেৰণাৰ বাবে অসম ৰাজ্যিক সংগীত কলা বিশ্ববিদ্যালয়ৰ পৰা কথক নৃত্যত স্নাতক ডিগ্ৰী লাভ কৰি চত্তিছগড়ৰ ইন্দিৰা সংগীত বিশ্ববিদ্যালয়ত কথক নৃত্যত স্নাতকোত্তৰ মহলাত অধ্যয়ন কৰি আছে।

পৰ্বতঝোৰা