পূজাৰ নামত চান্দা সংগ্ৰহৰ পূৰ্বে চাই লওক মুখ্যমন্ত্ৰীৰ এই আহ্বান...

অপসংস্কৃতিৰ পৰা মুক্তি লাভৰ বাবে সংকল্প গ্ৰহণৰ আহ্বান...

author-image
Asomiya Pratidin
New Update
পূজাৰ নামত চান্দা সংগ্ৰহৰ পূৰ্বে চাই লওক মুখ্যমন্ত্ৰীৰ এই আহ্বান...

HIMANTA BISWA SARMA

ডিজিটেল ডেস্কঃ সাৱধান, পূজাৰ নামত নুতুলিব চান্দা। অন্যথা বিপদত পৰিব আপুনি। বিহু আৰু দুৰ্গা পূজাৰ সময়ত অসমৰ বিভিন্ন স্থানত একাংশ লোকে বিভিন্ন লোকৰ পৰা চান্দা সংগ্ৰহৰ এক অপসংস্কৃতি দীৰ্ঘদিনৰ পৰা অব্যাহত আছে।

Advertisment

এই চান্দা সংস্কৃতি আঁতৰ কৰিবৰ বাবেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ উদ্যোগত তথা কেবিনেট সিদ্ধান্ত অনুসৰি চান্দা সংস্কৃতি নাশ কৰিবলৈ নিৰ্বাচিত বিহু সমিতিক সাহায্যও প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। সেই অনুসৰি বিহুৰ সময়ছোৱাত চান্দা সংস্কৃতি দেখিবলৈ পোৱা নগৈছিল যদিও দুৰ্গা পূজাৰ প্ৰাকক্ষণত পুনৰ এই অপসংস্কৃতি গঢ় লৈ উঠা পৰিলক্ষিত হৈছিল।

এই অপসংস্কৃতি পুনৰ গঢ়লৈ উঠাৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক, টুইটাৰ আদি সামাজিক মাধ্যমৰ জৰিয়তে এক বাৰ্তা প্ৰেৰণ কৰিছে। তেওঁ লিখিছে- 'এই পূজাৰ বতৰত সকলোকে চান্দা অপসংস্কৃতি সম্পূৰ্ণৰূপে পৰিহাৰ কৰিবৰ বাবে বিনম্ৰ অনুৰোধ জনালোঁ। পূজাৰ চান্দাৰ নামত টকা সংগ্ৰহ কৰি ব্যৱসায়ীক হাৰাশাস্তি কৰাটো সমাজ হিতকৰ কাৰ্য নহয়। সকলোৰে সহযোগিতাৰ এই অপসংস্কৃতিৰ পৰা চিৰদিনৰ বাবে মুক্তি লাভৰ সংকল্প গ্ৰহণ কৰোঁ আহক।'

durga puja himanta biswa sarma