সন্ধিয়া মহাৰাষ্ট্ৰ বিদ্ৰোহী বিধায়কৰ সৈতে আলোচনাত বহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

সন্ধিয়া মহাৰাষ্ট্ৰ বিদ্ৰোহী বিধায়কৰ সৈতে আলোচনাত বহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

author-image
asomiyapratidin
New Update
বিজেপিক ভোট দিবলৈ কংগ্ৰেছ বিধায়কক আহ্বান মুখ্যমন্ত্ৰী শৰ্মাৰ…

ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰৰ বিদ্ৰোহী বিধায়ক সকলক দেখা কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সন্ধিয়ালৈ মুখ্যমন্ত্ৰী শৰ্মাই বিদ্ৰোহী বিধায়ক সকলৰ বাবে এক আলোচনাত মিলিত হ'ব। বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতে সঘন যোগাযোগত আছে মুখ্যমন্ত্ৰী।

Advertisment

ইফালে মহাৰাষ্ট্ৰৰ বিধায়ক সকল হোটেল ৰেডিশ্বন ব্লুলৈ অহাৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে হোটেল খনলৈ গৈ তাত বিধায়ক সকলৰ বাবে কি ধৰণৰ ব্যৱস্থা কৰা হৈছে সেয়া তদাৰক কৰা হৈছে।

আনহাতে উদ্ধৱ থাকৰে চৰকাৰৰ ৰক্ষাৰ্থে সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে শিৱসেনাই। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কমল নাথৰ সৈতেও মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে এক বৈঠক অনুষ্ঠিত হ'ব বুলি প্ৰকাশ কৰিছে সূত্ৰই।

মহাৰাষ্ট্ৰৰ কংগ্ৰেছ বিধায়ক সকলৰ বিধায়নী দলৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কংগ্ৰেছৰ ৪৩ গৰাকী বিধায়ক উপস্থিত আছে।

আৰু পঢ়ক: মন্ত্ৰী-বিধায়ক হৈছে টুৰিষ্ট গাইড, চুৰি পলিটিক্সত নাম সাঙোৰ খালে অসমৰ: ভূপেন বৰা

maharashtra