ঐতিহাসিক খটৰা সত্ৰ দৰ্শন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশী সহ ভালেমান বিশিষ্ট ব্যক্তিয়ে মুখ্যমন্ত্ৰীক সংগ দিয়ে। উল্লেখ্য যে, নতুন কৈ নিৰ্মাণ কৰা হ'ব খটৰা সত্ৰৰ মণিকূট আৰু নাম ঘৰ।

author-image
Asomiya Pratidin
New Update
ননন

ডিজিটেল সংবাদ,মঙলদৈঃ  ৰাজ্যৰ অন্যতম ঐতিহাসিক ভক্তিপীঠ ৪৫৬ বছৰীয়া খটৰা সত্ৰত বুধবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয়। ১৫৬৮ খ্ৰীষ্ট্ৰাব্দত স্থাপন হোৱা অগণন ভক্তৰ সেৱাৰ পূৰ্ণভূমি খটৰাসত্ৰত মুখ্যমন্ত্ৰী উপস্থিত হোৱাত ভিন্ন প্ৰান্তৰ ভকত,বৈষ্ণৱ আৰু ধৰ্মপ্ৰাণ ৰাইজেৰে উদুলি-মুদুলি হৈ পৰিছে সত্ৰখন।

Advertisment

1

মুখ্যমন্ত্ৰী উপস্থিত থকা অনুষ্ঠানত দৰঙৰ অন্যতম লোককৃষ্টি ভোৰতাল নৃত্য, খুলীয়া ভাওৰীয়া, সত্ৰৰ সুকীয়া কৃষ্টি গাড়ী বাগৰ নৃত্য,খোলবাদন আৰু কৃষ্ণ নৃত্যই আইমাতৃ,পুৰুষ-মহিলা,ভক্তগণ সকলোকে মুগ্ধ কৰে।আধ্যাত্মিক ভক্তিৰসৰ মাজেৰে উৎসৱমুখৰ হৈ পৰা সত্ৰখন।

ইফালে অনুষ্ঠানত ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশী সহ ভালেমান বিশিষ্ট ব্যক্তিয়ে মুখ্যমন্ত্ৰীক সংগ দিয়ে। উল্লেখ্য যে, নতুন কৈ নিৰ্মাণ কৰা হ'ব খটৰা সত্ৰৰ মণিকূট আৰু নাম ঘৰ। সত্ৰৰ বাবে প্ৰায় ১ হাজাৰ বিঘা মাটি সংৰক্ষণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে।

১

লক্ষ্যণীয় যে, বৈদেশী বিতাৰণ সন্দৰ্ভচ সাংবাদিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৰা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, এন আৰ চি ত নাম থাকিলেও বিদেশী বুলি প্ৰতীয়মান হ'লে তেনে লোকক বিতাৰণ কৰা হ'ব। ইতিমধ্যে এই প্ৰক্ৰিয়া চলি আছে।

খটৰা সত্ৰ