/asomiyapratidin/media/media_files/2025/07/03/1-2025-07-03-21-46-51.jpg)
ডিজিটেল সংবাদ,মঙলদৈঃ বৃহস্পতিবাৰে মঙলদৈত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। চহৰখনত নিৰ্মাণ হ'বলগীয়া দৰং চিকিৎসা মহাবিদ্যালয়ৰ প্ৰস্তাৱিত ভূমি পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইতিমধ্যে দৰং প্ৰশাসনে ১৪৬ বিঘা ভূমি দৰং চিকিৎসা মহাবিদ্যালয়ৰ বাবে আৱন্তন দিছে।
উল্লেখযোগ্য যে, ভূমি পৰিদৰ্শন কৰি ৮ চেপ্তেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চিকিৎসা মহাবিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰিব বুলি জানিব দিয়ে হিমন্ত বিশ্ব শৰ্মাই ৷
আজি ওদালগুৰিত দলীয় সভাত অংশগ্ৰহণ কৰি গুৱাহাটীলৈ উভতাৰ পথত দৰং চিকিৎসা মহাবিদ্যালয়ৰ ভূমি পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী শৰ্মাই। সেই সময়ছোৱাত মুখ্যমন্ত্ৰীক সংগ দিয়ে মন্ত্ৰী পীযুষ হাজৰীকা, বিধায়ক বসন্ত দাস, জিলা আয়ুক্ত প্ৰৰাগ কুমাৰ কাকতিয়ে।