১ লাখ ৩৯ হাজাৰ বিঘা ভূমি বেদখলমুক্ত কৰিলে চৰকাৰেঃ গুৱাহাটীৰ বনাঞ্চলতো চলিছে বিশেষ ছাৰ্ভে

গোলাঘাটৰ অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ উচ্ছেদত অসম চৰকাৰক সহযোগিতা কৰাৰ বাবে নাগালেণ্ডৰ মুখ্যমন্ত্ৰীকে ধৰি আৰক্ষী, প্ৰশাসনকো ধন্যবাদ জ্ঞাপন কৰিছে হিমন্ত বিশ্ব শৰ্মাই।

author-image
Asomiya Pratidin
New Update
১ লাখ ৩৯ হাজাৰ বিঘা ভূমি বেদখলমুক্ত কৰিলে চৰকাৰেঃ গুৱাহাটীৰ বনাঞ্চলতো চলিছে বিশেষ ছাৰ্ভে

ডিজিটেল ডেস্কঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ বনাঞ্চলত চলা ছাৰ্ভে আৰু মিঞালেণ্ড  সন্দৰ্ভত আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তাৰোপৰি তেওঁ গোলাঘাট জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ উচ্ছেদত অসম চৰকাৰক সহযোগিতা কৰাৰ বাবে নাগালেণ্ডৰ মুখ্যমন্ত্ৰীকে ধৰি আৰক্ষী, প্ৰশাসনকো এই সংবাদ মেলৰ সময়তে ধন্যবাদ জ্ঞাপন কৰিছে।

Advertisment

গুৱাহাটীৰ বনাঞ্চলত বসতি স্থাপন কৰি থকা লোকসকলৰ বিৰুদ্ধে চলা ছাৰ্ভে সন্দৰ্ভত ড০ শৰ্মাই কয়, গুৱাহাটীৰ বনাঞ্চলত যিসকল অখিলঞ্জীয়া লোক আছে তেওঁলোকৰ ওপৰত আমি এক সমীক্ষা চলাইছো। থলুৱা, খিলঞ্জীয়া মানুহৰ ওপৰত আমি ছাৰ্ভে কৰা নাই।

তেওঁ কয়, যিসকলে মহানগৰীৰ জনগাঁথনিক অশান্ত কৰিবলৈ বিভিন্ন ঠাইত আহি বাস কৰিছে তেওঁলোকৰ ওপৰত আমি মাত্ৰ এটা ছাৰ্ভে কৰিছো। খিলঞ্জীয়া মানুহখিনিৰ বিৰুদ্ধে আমি কোনো ব্যৱস্থা লোৱা নাই। তেওঁলোকক বসুন্ধৰা ৩.০ ত মাটিৰ পট্টা দিবলৈহে ব্যৱস্থা কৰিছো।

মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয়, এই ছাৰ্ভে কেৱল বনাঞ্চলত হে কৰা হৈছে। ৰেভিনিউ চাৰ্কলত কৰা হোৱা নাই। যিখিনি অসমীয়া বা জনজাতীয় মানুহ আছে তেওঁলোক আতংকিত হোৱাৰ কোনো কাৰণো নাই। এই ছাৰ্ভে কেৱল অখিলঞ্জীয়া লোকৰ মাজত কৰা হৈছে আৰু ধৰ্মৰ লগতো কোনো কথা নাই। যাৰ তিনিটা প্ৰজন্ম অসমত নাই তেওঁলোকৰ বিৰুদ্ধেহে ছাৰ্ভে কৰা হৈছে।

বৰ্তমানলৈকে অসম চৰকাৰে ১ লাখ ৩৯ হাজাৰ ভূমি বেদখলমুক্ত কৰাৰ কথা উল্লেখ কৰি তেওঁ কয়, যোৱা সময়ত আমি ১ লাখ ২৯ হাজাৰ বিঘা মাটি আমি বেদখলকাৰীৰ পৰা মুক্ত কৰিছিলো। উৰিয়ামঘাটৰ সফল উচ্ছেদৰ পাছত এতিয়া  এই পৰিমাণ ১ লাখ ৩৯ হাজাৰ বিঘালৈ বৃদ্ধি হৈছে। অৰ্থাৎ আমি উৰিয়ামঘাটত ১০ হাজাৰ বিঘা ভূমি আমি আকৌ মুক্ত কৰিব পাৰিলো।

উৰিয়ামঘাটৰ উচ্ছেদৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোগিতাৰ বাবে ড০ শৰ্মাই এই সংবাদ মেলৰ পৰাই নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ ৰিঅ, ৰাজ্যখনৰ আৰক্ষী আৰু চি আৰ পি এফ বাহিনীকো ধন্যবাদ জনায়।

উচ্ছেদৰ মাজতে উত্থাপিত হোৱা মিঞালেণ্ডৰ দাবীৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয়, মিঞালেণ্ড হব পাৰে। হোৱাত আপত্তি নাই।কিন্তু সেই মিঞালেণ্ড বাংলাদেশত পাতিব লাগিব। আমি সহায়ো কৰি দিম। বাংলাদেশত বহুত মাটি আছে। যদি বাংলাদেশত কষ্ট হয় আফাগানিস্তানত বনাই দিম।

উচ্ছেদ ড০ হিমন্ত বিশ্ব শৰ্মা উচ্ছেদ অভিযান