Advertisment

মৃদুল ইছলামৰ মৃত্যুৰ ঘটনাৰ তদন্ত হ'বঃ মুখ্যমন্ত্ৰী

ঘটনাত বহু কেইজন সাংবাদিক অসুস্থ হৈ পৰাৰ বিপৰীতে মৃদুল ইছলাম নামৰ কংগ্ৰেছ নেতাগৰাকীৰ মৃত্যু হৈছে। এই ঘটনাৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে।     

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
f

ডিজিটেল ডেস্কঃ অৱশেষত কংগ্ৰেছ নেতা মৃদুল ইছলামৰ মৃত্যুৰ তদন্ত ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই। বৃহস্পতিবাৰে নিজ সামাজিক মাধ্যম এক্সৰ জৰিয়তে এই কথা সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে এতিয়াৰে পৰা ৰাজভৱনৰ সন্মুখত কোনো প্ৰতিবাদৰ অনুমতি দিয়া নহ’ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

Advertisment

বুধবাৰে সংঘটিত ঘটনাক লৈ কংগ্ৰেছকে জগৰীয়া কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ উল্লেখ কৰে যে, দলীয় ৰাজনীতিত কৈ ৰাজ্যপালৰ প্ৰতিষ্ঠান উৰ্ধত। কালি কংগ্ৰেছৰ নেতাসকলে আৰক্ষীৰ বেৰিকেড ভাঙি ৰাজভৱনত বলপূৰ্বকভাৱে প্ৰৱেশ কৰাৰ চেষ্টা চলাই বিশৃংখলতাৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে এফ আই আৰ পঞ্জীয়ন কৰি ভিডিঅ’ ৰেকৰ্ডিঙৰ পৰ্যালোচনাকে ধৰি ঘটনাৰ সম্যক তদন্ত কৰিব।

লগতে তেওঁ উল্লেখ কৰে যে, এতিয়াৰ পৰা ৰাজভৱনৰ সমীপত কোনোধৰণৰ বিক্ষোভৰ অনুমতি দিয়া নহ’ব । ইতিমধ্যে প্ৰতিবাদ আৰু বিক্ষোভৰ বাবে নিৰ্দিষ্ট এলেকা আবণ্টন দিয়া হৈছে ।"

উল্লেখ্য যে, বুধবাৰে কংগ্ৰেছৰ ৰাজভৱন চলো কাৰ্যসূচীৰ মাজতে সাংবাদিকৰ দলকো লক্ষ্য কৰি আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিছিল। এই ঘটনাত বহু কেইজন সাংবাদিক অসুস্থ হৈ পৰাৰ বিপৰীতে মৃদুল ইছলাম নামৰ কংগ্ৰেছ নেতাগৰাকীৰ মৃত্যু হৈছে। এই ঘটনাৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে।     

মৃদুল ইছলাম