/asomiyapratidin/media/media_files/2024/12/20/hYwIIj1oBtTRCVHUVGdK.jpg)
মুখ্যমন্ত্রীৰ সংবাদমেল
ডিজিটেল সংবাদ,গুৱাহাটীঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে ৰাজনৈতিক তথা দেশৰ সুৰক্ষা জড়িত প্রশ্ন তুলি সাংসদগৰাকীক তীব্ৰ আক্ৰমণ কৰি থকাৰ সময়তে শনিবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এডভান্টেজ আছাম-২.০, ঝুমুৰ বিনন্দিনী আদি বিষয় সামৰি সংবাদ মেল আয়োজন কৰে।
ইয়াৰ পূর্বে মুখ্যমন্ত্রী ড° শর্মাই ভাৰতীয় বায়ু সেনাৰ ইষ্টার্ন এয়াৰ কমাণ্ডৰ এ অ'চি-ইন-চি এয়াৰ মাৰ্শ্বেল ছুৰট সিঙৰ সৈতে লোক সেৱা ভৱনত সাক্ষাতত মিলিত হয়। পৰৱৰ্তী সময়ত মুখ্যমন্ত্রীয়ে লোকসেৱা ভৱনত আয়োজন কৰা সংবাদ মেলত আন্তঃগাঁথনি আৰু বিনিয়োগ সন্মিলন 'এডভান্টেজ আছাম-২.০' সম্পর্কে সাংবাদিকক অৱগত কৰিবলৈ গৈ কয় যে এডভান্টেজ আছাম-১.০ৰ প্ৰথম সফলতা আছিল নুমলীগড় শোধনাগাৰৰ ক্ষমতা বৃদ্ধি।
দ্বিতীয়তে পাৰাদ্বীপৰ পৰা নুমলীগড়লৈ ক্রুড অইল পাইপ লাইন স্থাপন। তৃতীয়তে গেছ পাইপ লাইন স্থাপন। মুখ্যমন্ত্রীয়ে কয় যে বিগত তিনি বছৰত অসমত যথেষ্ট শান্তি ঘূৰি আহিছে। কোকৰাঝাৰত প্ৰথমবাৰৰ বাবে অসম বিধান সভাৰ এটা দিনৰ অধিৱেশন অনুষ্ঠিত হোৱাকে ধৰি ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এডভান্টেজ আছাম ২.০ আদি অসমৰ শান্তি-শৃংখলাৰ উভতি অহাৰ বাবে সম্ভৱ হৈছে।
তেওঁ আমেৰিকাতো ৰোড শ্ব' কৰাৰ লক্ষ্য আছিল বুলি উল্লেখ কৰি সেয়া কিছু কাৰণত হৈ নুঠিল বুলি ব্যক্ত কৰে। মুখ্যমন্ত্রীয়ে কয়- ৬ জানুৱাৰীত ১১খন চেম্বাৰ অৱ কমাৰ্চৰ বৈঠক, ৭ জানুৱাৰীত ৩১খন দেশৰ এম্বেছাডৰসকলৰ সৈতে বৈঠক হৈছিল। ৪০টা লিডিং গোটৰ উপস্থিতিত ৭ জানুৱাৰীত আৰু এখন বৈঠক অনুষ্ঠিত হৈছিল।
জাপান, দক্ষিণ কোৰিয়া, ছিংগাপুৰত ৰোড শ্ব' অনুষ্ঠিত হৈছিল। মুখ্যমন্ত্রীয়ে দক্ষিণ কোৰিয়া, ছিংগাপুৰ, জাপান ভ্ৰমণৰ বিষয়ে ব্যক্ত কৰে। মুখ্যমন্ত্রীয়ে কয়- ২৪ ফেব্ৰুৱাৰীত অসমলৈ আহিব প্রধানমন্ত্রী মোদী। সৰুসজাইৰ ঝুমইৰ নৃত্যত অনুষ্ঠানত উপস্থিত থাকিব প্রধানমন্ত্ৰীগৰাকী। ২৫ তাৰিখে এডভান্টেজ আছাম ২.০ত উপস্থিত থাকিব মোদী। এডভান্টেজ আছাম ২.০ৰ সামৰণী অনুষ্ঠানত উপস্থিত থাকিব বিত্তমন্ত্রী নির্মলা সীতাৰমন।
অনুষ্ঠানত ক্ষুদ্র উদ্যোগ, লাখপতি বাইদেউসকল উপস্থিত থাকিব। ৩১খন দেশৰ ৰাষ্ট্ৰদূত আৰু দেশৰ প্ৰতিনিধিয়ে অংশ ল'ব এডভান্টেজ আছামত বুলি উল্লেখ কৰি তেওঁ বৃহৎ আন্তঃগাঁথনি আৰু বিনিয়োগ সন্মিলনত যিসকল উপস্থিত থাকিব সেয়া ব্যক্ত কৰে।
মুখ্যমন্ত্রীয়ে কয়- জাপানে অসমৰ পৰা বহুত মেনপাৱাৰ ল'ব বিচাৰে। ছিংগাপুৰে অসমৰ পৰা নাৰ্ছ ল'ব বিচাৰিছে। ইতিমধ্যে ১৭গৰাকীয়ে তাত কাম কৰি আছে। ইয়াৰে দুগৰাকীয়ে মেডিকেল কলজেৰ চাকৰি এৰি গৈছে। মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ দুশ ছাত্র-ছাত্রী উপস্থিত থাকিব অনুষ্ঠানত।
সংবাদ মেলত মুখ্যমন্ত্রীয়ে কয় যে ক্ষুদ্র উদ্যোগক বাদ দি কেতিয়াও মজলীয়া আৰু বৃহৎ উদ্যোগ সফল হ'ব নোৱাৰে। জাপানে অসমৰ সৈতে দুখন চুক্তি কৰিব বিচাৰিছে। ইয়াৰে এখন চুক্তি হ'ব তেওঁলোকৰ প্ৰবক্তাই অসমৰ যুৱক-যুৱতীক প্রশিক্ষণ দিব। ৯ মাহৰ এটা বিশেষ প্রশিক্ষণ শিবিৰ, তেওঁলোকক আমি প্ৰশিক্ষণৰ স্থান দিব লাগিব। প্রশিক্ষণ লোৱা প্রতিজনে অতি কমেও ৫০ হাজাৰ টকা দৰমহা লাভ কৰিব।
অৱশ্যে প্রশিক্ষণ লৈ যদি কোনোৱাই জাপানত যাব নিবিচাৰে তেন্তে ভাৰতত থকা জাপানৰ প্ৰতিষ্ঠানত কাম লাভ কৰিব। মুখ্যমন্ত্রীয়ে কয়, অসমখন মুখ্যমন্ত্রীয়ে সলনি কৰিব নোৱাৰে। ৰাজ্যৰ প্ৰতিজন মানুহে সলনি কৰিব লাগিব। ট্রেভেল এডভাইজাৰী বাতিল কৰিব লাগিব, ইয়াৰ বাবে কাম-কাজ চলি আছে।
শেহতীয়া এডভান্টেজ অসম আছিল সম্পূৰ্ণ চৰকাৰী কাম-কাজত বিনিয়োগ। জাপানত ৫০ হাজাৰ যুৱক-যুৱতীয়ে চাকৰি পাব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে জাপানৰ সৈতে শীঘ্ৰে বুজাবুজি চুক্তি হ'ব বুলি উল্লেখ কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে সদগুৰু মধুসূদন সাইৰ সৈতে গুৱাহাটীত ৰুৰেল শ্ব'ৰছ বি পি অ' ডেলিভাৰী চেণ্টাৰ এটি উছৰ্গা কৰে।
এই বি পি অ'ই যুৱ সমাজক অধিক সবল কৰি তোলাৰ লগতে অসমৰ বাহিৰলৈ নোযোৱাকৈ ইয়াতে বহু যুৱক-যুৱতীৰ সংস্থাপনৰ বাট মুকলি কৰিব বুলি তেখেতে উল্লেখ কৰে। পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ বিভিন্ন মাধ্যমিক বিদ্যালয়ত অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষক হিচাপে শিক্ষা ক্ষেত্ৰখনলৈ সেৱা আগবঢ়াই অহা ৪,৫২৯গৰাকী শিক্ষকক নিয়মীয়া শিক্ষক হিচাপে আৰু ৫৮গৰাকী প্ৰাৰ্থীক ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে স্বচ্ছ আৰু মেধা ভিত্তিক নিযুক্তি পত্র প্রদান কৰে।
গুৱাহাটীত আয়োজিত অনুষ্ঠানটিত ৰাজ্যৰ শৈক্ষিক আকাশক উজলাই তোলাৰ বাবে সমর্পিত মনোভাবেৰে কৰ্মত ব্রতী হ'বলৈ মুখ্যমন্ত্রীয়ে শিক্ষকসকলক আহ্বান জনায়। আজিৰ দিনটোত মুখ্যমন্ত্রী ড: শর্মাই সামাজিক মাধ্যমত সাংসদ গৌৰৱ গগৈ সম্পর্কীয় কেইটামান অতি গুৰুত্বপূর্ণ আৰু প্রয়োজনীয় দিশত জনসাধাৰণ দৃষ্টি আকর্ষণ কৰে।
তেওঁ দিনটোত দিয়া তথ্যসমূহৰ সৈতে দেশৰ নিৰাপত্তাৰ লগতে বিশেষকৈ অসমৰ কেতবোৰ স্পৰ্শকাতৰ দিশো সংপৃক্ত হৈ আছে। ড: শর্মাই উদ্ধৃতি দিয়া সাংসদগৰাকী জড়িত এন জি অ'ৰ প্ৰবন্ধত দেশৰ বি এছ এফে কৰা 'মানৱ অধিকাৰ উলংঘন'ৰ বিষয়ে কোৱা হৈছে আৰু অবৈধ বাংলাদেশীৰ বাবে 'দয়ালু পন্থা'ৰ পৰামৰ্শ দিয়া আদি বিষয়বোৰ উল্লেখ থকাৰ কথা ব্যক্ত কৰে। লগতে প্রবন্ধ প্ৰকাশৰ সময়খিনি সাংসদগৰাকীয়ে কেইবাজনো যুৱক-যুৱতীক পাকিস্তানৰ উচ্চায়ুক্তৰ সৈতে ব্রেইন রাশ্বিং ছেছনলৈ নিয়াৰ বুলি সন্দেহ প্রকাশ কৰে।
দ্বিতীয়তো সাংসদগৰাকীৰ পত্নী এলিজাবেথ কলবার্নৰ সহকর্মী তথা ছুপাৰভাইজাৰ আলি তাকিৰ শ্বেখৰ সম্বন্ধ টানি শ্বেইখৰ এক্স (পূৰ্বতে টুইটাৰ)ত উপলব্ধ আপডেটসমূহ প্রকাশ কৰি বিষয়টোত গুৰুতৰ মোৰ দিয়ে। সেই সমূহ প্রকাশ কৰি মুখ্যমন্ত্রীয়ে কয় লিখিছে যে- শ্বেখৰ কাম আৰু প্ৰবন্ধবোৰ ভালদৰে পৰীক্ষা কৰিলে এক গভীৰ আৰু অধিক কৌশলগতভাৱে কাম কৰাৰ ৰূপ এটা প্রকাশ পায়, যিটো বিশেষকৈ অসমৰ সৈতে বেছি প্রাসংগিক।
এই নেটৱৰ্কৰ পৰিধি আৰম্ভণিতে ভবাতকৈ এতিয়া অধিক গুৰুতৰ আৰু গভীৰ ৰূপত ওলাই পৰিছে। লগতে তেওঁ উল্লেখ কৰে যে লীড পাকিস্তানত এলিজাবেথ কলবার্নৰ সহকর্মী তথা তত্ত্বাবধায়ক পাকিস্তানী লোকজনে ভাৰতবিৰোধী অপপ্ৰচাৰ চলোৱাৰ লগতে সাংসদ ডাঙৰীয়াক ২০২০ চনৰ দিল্লী ৰায়তৰ ঘটনা সংসদত উত্থাপন কৰাৰ বাবে প্রশংসা কৰিছিল।
গতিকে ইয়াৰ পৰা তেওঁলোকৰ মাজৰ এই সম্পর্ক যথেষ্ট গভীৰ বুলি মন্তব্য কৰে। বিষয়টো আৰম্ভণিতে ভবাতকৈ এতিয়া অধিক গুৰুতৰ আৰু গভীৰ ৰূপ ধাৰণ কৰিছে। এই সময়ত গৌৰৱ গগৈয়ে দেশৰ সাৰ্বভৌমত্ব-নিৰাপত্তা আৰু অসমৰ ভৱিষ্যতৰ কথাও জড়িত আৰোপিত বিষয়ত কেনেধৰণৰ স্থিতি প্ৰদৰ্শন কৰিব, তাক লৈও চর্চা অব্যাহত আছে।