শালবাৰীত যোগ দিৱসৰ কাৰ্যসূচীত অংশ ল'লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

একমাত্ৰ শান্তি সম্প্ৰীতিৰ কাৰণে আজি এই অঞ্চলত যোগ দিৱসৰ কাৰ্যসূচী ৰূপায়িত কৰা হৈছে। মই লক্ষ্য কৰিছো প্ৰতি বছৰে মানাহ অভয়াৰণ্যলৈ অহা অতিথিৰ সংখ্যা বাঢ়িছে। মই কথা দিছো শালবাৰীত এক নতুন দিগন্ত কঢ়িয়াই আনিম।

author-image
Asomiya Pratidin
New Update
new ap web cm

ডিজিটেল সংবাদ,বাক্সাঃ  আজি বাক্সা জিলাৰ শালবাৰী মহকুমাৰ সদৰ শালবাৰী মহাবিদ্যালয়ৰ খেলপথাৰত পুৱা ৬ বজাৰ পৰা ৰাজ্যিক পৰ্য্যায়ত ১১ সংখ্যক আন্তৰ্জাতিক যোগ দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ হয়। আদৰণি ভাষণেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই।

Advertisment

শালবাৰীৰ যোগ দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশ লয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, বাক্সা জিলাৰ শালবাৰী অনুষ্ঠিত আন্তৰ্জাতিক যোগ দিৱসৰ এই কাৰ্যসূচীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত এক নতুন গতি প্ৰদান কৰিব। এই অঞ্চলত এটা সময়ত হত্যা হিংসাৰ দাবানল আছিল। এতিয়া আমি ইয়াত শান্তিৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছো।"

শ্ৰী শৰ্মাই লগতে কয়, একমাত্ৰ শান্তি সম্প্ৰীতিৰ কাৰণে আজি এই অঞ্চলত যোগ দিৱসৰ কাৰ্যসূচী ৰূপায়িত কৰা হৈছে। মই লক্ষ্য কৰিছো প্ৰতি বছৰে মানাহ অভয়াৰণ্যলৈ অহা অতিথিৰ সংখ্যা বাঢ়িছে। মই কথা দিছো  শালবাৰীত এক নতুন দিগন্ত কঢ়িয়াই আনিম।

উক্ত অনুষ্ঠানত মুখ্যমন্ত্রী ড০ শৰ্মাক সংগ দিয়ে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। উল্লেখ্য যে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি যোগ দিৱস উপলক্ষে প্ৰদান কৰা ভাষণ ভাৰ্চুৱেল মাধ্যমেৰে শুনাৰ পাছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সমূহীয়া যোগাভ্যাসত অংশ লয়।

ড০ হিমন্ত বিশ্ব শৰ্মা