মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত ড° ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবার্ষিকী উদযাপন সন্দর্ভত বৈঠক

বৈঠকত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ৰাজ্য চৰকাৰে চলিত বৰ্ষৰ ৮ ছেপ্টেম্বৰৰ পৰা অহা বৰ্ষৰ ৮ ছেপ্টেম্বৰলৈ ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবার্ষিকী উদযাপনৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে।

author-image
Asomiya Pratidin
New Update
ৈাৈৌা

ডিজিটেল সংবাদ,গুৱাহাটীঃ  বিশ্ববন্দিত গণ শিল্পী ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদ্যাপনৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি লোকসেৱা ভৱনত মূল সমিতিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত বহুমুখী প্রতিভাধৰ আজন্ম শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবার্ষিকী সফলভাৱে ৰূপায়ণৰ বিভিন্ন দিশ আলোচনা কৰা হয়।

Advertisment

বৈঠকত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ৰাজ্য চৰকাৰে চলিত বৰ্ষৰ ৮ ছেপ্টেম্বৰৰ পৰা অহা বৰ্ষৰ ৮ ছেপ্টেম্বৰলৈ ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবার্ষিকী উদযপনৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। তেওঁ কয় যে ৰাজ্য চৰকাৰে যিদৰে উদ্যাপন কৰিব বিচাৰিছে ঠিক একেদৰে বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান, ব্যক্তি বিশেষৰ উদ্যোগতো জন্ম শতবার্ষিকী উদযাপন হোৱাটো বিচাৰে।

১

ৰাজ্য চৰকাৰে জনগণৰ অনুষ্ঠান হিচাপে সুধাকণ্ঠৰ জন্ম শতবার্ষিকী পালন কৰিব বিচাৰিছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। শিল্পীগৰাকীৰ জন্ম শতবার্ষিকী যাতে স্বতঃস্ফূতভাৱে উদযাপিত হয়, তাৰ বাবে ৰাজ্য চৰকাৰে জনসাধাৰণক প্ৰেৰণা যোগাৱাৰ লগতে এই ক্ষেত্ৰত সকলো ধৰণৰ সহযোগিতা আগবঢ়াব বুলিও তেওঁ মন্তব্য কৰে।

মুখ্যমন্ত্ৰীয়ে কয় যে গণশিল্পীগৰাকীৰ জন্ম শতবার্ষিকীৰ অংশ হিচাপে ডিব্রুগড় বিমান কোঠটোক ড° ভূপেন হাজৰিকাৰ নামেৰে নামাকৰণ কৰাৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা হাতত লৈছে। তেওঁ কয় যে এই প্রক্রিয়াটো ইতিমধ্যে আগুৱাই লৈ যোৱা হৈছে আৰু অসম চৰকাৰৰ কেবিনেটে এই সন্দর্ভত সিদ্ধান্ত গ্রহণ কৰিছে। অসম বিধানসভাই ইয়াক গ্ৰহণ কৰাৰ পিছত কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

মুখ্যমন্ত্রীয়ে কয় যে ড° ভূপেন হাজৰিকাৰ নামত কেইবাবাৰো ডাক টিকট মুকলি কৰিছে যদিও শিল্পীগৰাকীৰ নামত বৰ্তমানলৈকে মুদ্রা মুকলি হোৱা নাই। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে ৰিজার্ভ বেংক অৱ ইণ্ডিয়া আৰু বিত্ত মন্ত্রণালয়ৰ লগত যোগাযোগ কৰিছে যাতে এই শতবার্ষিকীৰ স্মৃতি অধিক যুগমীয়া কৰিব পৰা যায়। শিল্পীগৰাকীৰ জীৱন আৰু কৃতি সকলোৱে অধ্যয়ন কৰিব পৰাকৈ এখন গ্রন্থ প্ৰকাশৰ বাবে অসম প্রকাশন পৰিষদে বিশিষ্ট সাহিত্যিক, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীক দায়িত্ব অর্পণ কৰিছিল।

২

সাহিত্যিকগৰাকীয়ে ইতিমধ্যে ৰাজ্য চৰকাৰক খচৰা দাখিল কৰিছে। এই পুথিখন প্ৰকাশৰ পিছত ভাৰতবৰ্ষৰ ২৩ টা ভাষালৈ ইয়াক অনুবাদ কৰা হ'ব বুলিও তেওঁ কয়। মুখ্যমন্ত্রীয়ে কয় যে পুথিভঁৰাল, শিক্ষানুষ্ঠানকে ধৰি ভাৰতবৰ্ষত ৪ লাখ বিদ্যায়তনিক অনুষ্ঠান আছে। এই গ্রন্থখন সমগ্র ভাৰতবৰ্ষৰ বিদ্যায়তনিক অনুষ্ঠানৰ লগতে অসমত নৱ প্ৰজন্মৰ হাতত তুলি দিবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে। এইগৰাকী শিল্পীৰ বিষয়ে নৱ প্ৰজন্মই জনাৰ প্ৰয়োজনীয়তা আছে বুলিও তেওঁ উল্লেখ কৰে।

ড° ভূপেন হাজৰিকাৰ কৰ্মভূমি অসম, অৰুণাচল প্রদেশ, পশ্চিমবংগ আৰু মহাৰাষ্ট্ৰত এই শতবার্ষিকীৰ অনুষ্ঠান পালন কৰাৰ কথা সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ২০২৬ চনত নতুন দিল্লীৰ ভাৰত মণ্ডপমত সামৰণি অনুষ্ঠান আয়োজন কৰা হ'ব। এই জন্ম শতবার্ষিকী গুৱাহাটীত আৰম্ভ হ'ব আৰু নতুন দিল্লীত সামৰণি পৰিব বুলিও তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে শতবার্ষিকী অনুষ্ঠান আয়োজনৰ বাবে অৰুণাচল প্ৰদেশ চৰকাৰ আৰু পশ্চিমবংগ চৰকাৰৰ লগত আলোচনা কৰা হৈছে।

৩

ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ কথা সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰী তথা জনসাধাৰণৰ মাজত ৰচনা প্রতিযোগিতাৰ আয়োজন কৰা হ'ব। তেওঁ কয় যে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উদ্যাপনৰ দৰে এই অনুষ্ঠান আয়োজন কৰা হ'ব। দেশৰ বিভিন্ন ভাষা-ভাষীৰ লোকে এই ৰচনা লিখিব পাৰিব আৰু ইয়াৰ বাবে এটা প'র্টেল মুকলি কৰা হ'ব বুলি তেওঁ কয়।

মুখ্যমন্ত্রীয়ে কয় যে জিলা পর্যায়তো এখন সমিতি গঠন কৰা হ'ব। ইয়াৰ জৰিয়তে জিলা পৰ্যায়ত ড° ভূপেন হাজৰিকাৰ স্মৰণ অনুষ্ঠান আয়োজন কৰা হ'ব। ৰাজ্য চৰকাৰে বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি বিভিন্ন শিক্ষানুষ্ঠানত এনে অনুষ্ঠান আয়োজন কৰাৰ বাবে অনুৰোধ জনাব। এই কামবোৰৰ জৰিয়তে প্ৰতিটো অনুষ্ঠান, প্ৰতিগৰাকী ব্যক্তিয়ে শিল্পীগৰাকীক স্মৰণ কৰাৰ সুযোগ লাভকৰিব বুলিও তেওঁ কয়।

অহা বছৰত অনুষ্ঠিত হ'বলগীয়া বিধানসভাৰ নিৰ্বাচনৰ সময়খিনি বাদ দি এই কাৰ্যসূচী নিয়াৰিকৈ অনুষ্ঠিত কৰা হ'ব। এই অনুষ্ঠান সফলভাৱে ৰূপায়ণৰ বাবে তেওঁ পৰামৰ্শ আগবঢ়াবলৈ জনসাধাৰণক আহ্বান জনায়। তেওঁ লগতে কয় যে ইতিমধ্যে কেইবাটাও গ্রহণযোগ্য লিখিত পৰামৰ্শ আহিছে।

৫

মুখ্যমন্ত্ৰীয়ে অৱগত কৰে যে, অহা ৮ ছেপ্তেম্বৰত গুৱাহাটীৰ খানাপাৰাত এই জন্ম শতবাৰ্ষিকী উদযাপনৰ শুভাৰম্ভণি অনুষ্ঠানৰ আয়োজন কৰা হ'ব। আজিৰ এই বৈঠকত বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান আৰু বৰেণ্যে ব্যক্তিসকলে শিল্পীগৰাকীৰ জন্ম শতবার্ষিকী সফল উদ্যাপনৰ বাবে পৰামৰ্শ আগবঢ়ায়। মুখ্যমন্ত্রীয়ে কয় যে শুভাৰম্ভণি অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব।

তেওঁ লগতে কয় যে এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলকো আমন্ত্রণ জনোৱা হ'ব। এই অনুষ্ঠান কেৱল অসমতে আৱদ্ধ নাৰাখি নতুন এটা দিশ আৰম্ভ কৰিব পৰা যাব বুলিও তেওঁ আশা প্রকাশ কৰে। বিভিন্ন সাহিত্য সভাক লৈ সমিতিখন সম্প্ৰসাৰণৰ বাবে অহা পৰামৰ্শ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব বুলিও তেওঁ ব্যক্ত কৰে।

 মুখ্যমন্ত্রীয়ে লগতে কয় যে ড° ভূপেন হাজৰিকাৰ স্মৃতি যুগমীয়া কৰাৰ বাবে যিবোৰ পৰামৰ্শ আহিছে তাক ৰাজ্য চৰকাৰে তন্নতন্নকৈ পৰীক্ষা কৰিব। তেওঁ কয় যে পৰৱৰ্তী বৈঠকত কোনোৱা আহিব নোৱাৰিলেও ভিডিঅ' কনফাৰেন্সযোগে সংলগ্ন হোৱাৰ বাবে ব্যৱস্থা কৰা হ'ব। এই অনুষ্ঠান গাম্ভীর্যপূর্ণ পৰিৱেশত অনুষ্ঠিত কৰা হ'ব যাতে এশ বছৰলৈ নৱ প্ৰজন্মৰ মাজত গণশিল্পীগৰাকীক জীয়াই ৰাখিব পৰা যায়। মুখ্যমন্ত্রী লগতে কয় যে বিশ্ববিদ্যালয়সমূহে শতবর্ষিকী উদ্যাপন অনুষ্ঠান পালন কৰাৰ বাবে ইচ্ছা প্রকাশ কৰি ৰাজ্য চৰকাৰক অৱগত কৰিছে।

 আজিৰ এই বৈঠকত সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী বিমল বড়া, কৃষি আদি বিভাগৰ মন্ত্রী অতুল বৰা, পঞ্চায়ত আৰু গ্রামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, শক্তি আদি বিভাগৰ মন্ত্রী প্রশান্ত ফুকন, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, হস্ততাঁত আৰু বস্ত্ৰ শিল্প আদি বিভাগৰ মন্ত্রী ইউ জি ব্রহ্ম, জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা, পৰিবহন আদি বিভাগৰ মন্ত্রী যোগেন মহন, ক্রীড়া আৰু যুৱ কল্যাণ আদি বিভাগৰ মন্ত্রী নন্দিতা গার্লোছা, খনি আৰু খনিজাত আদি বিভাগৰ মন্ত্ৰী কৌশিক ৰয়, চাহ জনজাতি আৰু আদিবাসী কল্যাণ আদি বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালা উপস্থিত থাকে।

লগতে বিধায়কদ্বয় পৃথ্বীৰাজ ৰাভা, দুর্গাদাস বড়ো, মুখ্য সচিব ড° ৰবি কোটা, গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব এ কে তিৱাৰী, সাংস্কৃতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্রবর্তী, পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব ড° জে বি এক্কা প্রমুখ্যে কেইবাখনো বিশ্ববিদ্যালয়ৰ উপাচার্য, ড° ভূপেন হাজৰিকাৰ পৰিয়ালবৰ্গৰ হৈ আভাষীয়ভাৱে নিউয়ৰ্কৰ পৰা পুত্ৰ তেজ হাজৰিকা, ভাতৃ অমৰ হাজৰিকা, মনিষা হাজৰিকা প্রমূখ্যে বিশিষ্ট শিল্পী, বিভিন্ন সামাজিক অনুষ্ঠানৰ প্ৰতিনিধি আৰু বৰেণ্য ব্যক্তিসকলেও বৈঠকত অংশ লয়।

 

ড০ হিমন্ত বিশ্ব শৰ্মা ড০ ভূপেন হাজৰিকা