Advertisment

এডভাণ্টেজ আছাম ২.০ঃ ১৮ জানুৱাৰীত জাপানলৈ যাত্ৰা কৰিব মুখ্যমন্ত্ৰীয়ে

এডভাণ্টেজ আছাম ২.০ ৰ বাবে ১৯ জানুৱাৰীত দক্ষিণ কোৰিয়া আৰু জাপান অভিমুখে ৰাওনা হ'ব হিমন্ত বিশ্ব শৰ্মা। ১৯ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীলৈ এই দুখন দেশ ভ্ৰমণ কৰিব মুখ্যমন্ত্ৰী শৰ্মাই। 

author-image
Asomiya Pratidin
New Update
মৱম

ডিজিটেল ডেস্কঃ  চলিত বৰ্ষৰ ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'ব এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণ, এডভাণ্টেজ আছাম ২.০। ফলস্বৰূপে এডভাণ্টেজ আছামৰ প্ৰচাৰত নামি পৰিছে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা।

Advertisment

বিনিয়োগকাৰীৰ সন্ধানত শনিবাৰে বিদেশলৈ যাবলৈ সাজু হৈছে মুখ্যমন্ত্রীগৰাকী। কিছুদিন পূৰ্বে মুম্বাইত বাহৰ পাতি মুখ্যমন্ত্রীয়ে দেশৰ আগশাৰীৰ উদ্যোগপতিক সাক্ষাৎ কৰিছিল। তেওঁলোকক অসমত বিনিয়োগৰ সম্ভাৱনীয়তাৰ বিষয়ে সদৰি কৰা লগতে এডভাণ্টেজ আছাম ২.০লৈ আমন্ত্রণ জনাইছিল। 

মুম্বাই আৰু দিল্লীৰ সমান্তৰালতকৈ বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ বাবে কোনো ত্ৰুটি ৰাখিব বিচৰা নাই মুখ্যমন্ত্রী শৰ্মাই। সেয়ে ১৯ জানুৱাৰীত দক্ষিণ কোৰিয়া আৰু জাপান অভিমুখে ৰাওনা হ'ব হিমন্ত বিশ্ব শৰ্মা। ১৯ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীলৈ এই দুখন দেশ ভ্ৰমণ কৰিব মুখ্যমন্ত্ৰী শৰ্মাই। 

উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগে প্ৰকাশ কৰা চৰকাৰী জাননী অনুসৰি এই ভ্ৰমণকালত মুখ্যমন্ত্ৰীক সংগ দিব বিধায়ক বলীন চেতিয়া,মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব ড৹ কে কে দ্বিবেদী,পৰ্যটন বিভাগৰ অতিৰিক্ত মুখ্য সচিব ড৹ জে বি এক্কা,মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকা, মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়কাৰী সঞ্জীৱ ঘোষৰ লগতে কেবাগৰাকী শীৰ্ষ বিষয়া-কৰ্মচাৰীয়ে।

উল্লেখ কৰা প্ৰয়োজন যে, এডভাণ্টেজ আছাম-২.০ ৰ প্ৰচাৰৰ বাবে মঙলবাৰে দুদিনীয়া কাৰ্যসূচীৰে সংযুক্ত আৰব আমিৰশ্বাহীৰ ডুবাইত উপস্থিত হয়  ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়া।

 

এডভাণ্টেজ আছাম ২.০