/asomiyapratidin/media/media_files/2026/01/05/whatsapp-imag-2026-01-05-18-28-05.jpeg)
ডিজিটেল সংবাদ,মঙলদৈঃ ৰাজ্যৰ মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এক অভিলাষী আঁচনিৰ অংশস্বৰূপে আজি মঙলদৈত এক বিশাল কাৰ্যসূচী অনুষ্ঠিত হয়। মঙলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন আত্মসহায়ক গোটৰ মুঠ ৩১,০১৭ গৰাকী মহিলা সদস্যাক আজি আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰা হয়।
মঙলদৈৰ পুনিয়াত নিৰ্মীয়মাণ দৰং চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ বাকৰিত আয়োজন কৰা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। আজিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীক সংগ দিয়ে দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, বিধায়ক বসন্ত দাসৰ লগতে জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকল।
হিতাধিকাৰীসকলক চেক বিতৰণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, অসমৰ গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাত মহিলাসকলৰ ভূমিকা অপৰিসীম। তেওঁ উল্লেখ কৰে যে চৰকাৰে মহিলাসকলক কেৱল ঘৰুৱা কামতে আবদ্ধ নাৰাখি তেওঁলোকক একোজনকৈ সফল উদ্যমী হিচাপে গঢ়ি তুলিব বিচাৰে। এই আৰ্থিক সাহায্যই মহিলাসকলক নিজাকৈ ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰাত সহায় কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে।
অনুষ্ঠানৰ সামৰণিত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী ড° শৰ্মাই এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে। ৰাজ্যত শেহতীয়াকৈ চৰকাৰী ভূমি বেদখলমুক্ত কৰিবলৈ চলাই থকা অভিযান সন্দৰ্ভত তেওঁ স্পষ্টকৈ কয় যে, "ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা উচ্ছেদ অভিযান কোনো কাৰণতে বন্ধ নহয়, ই অব্যাহত থাকিব।" চৰকাৰী মাটি আৰু সংৰক্ষিত বনাঞ্চল বেদখলমুক্ত কৰাটো চৰকাৰৰ দৃঢ় সংকল্প বুলি তেওঁ পুনৰ দোহাৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us