বিধায়ক মৃণাল শইকীয়া হয়তো বিজেপিত বেছি দিন নাথাকিবঃ মুখ্যমন্ত্ৰী

বিধায়ক মৃণাল শইকীয়া হয়তো বিজেপিত বেছিদিন নাথাকিবঃ মুখ্যমন্ত্ৰী

author-image
Asomiya Pratidin
New Update
বিধায়ক মৃণাল শইকীয়া হয়তো বিজেপিত বেছি দিন নাথাকিবঃ মুখ্যমন্ত্ৰী

ডিজিটেল ডেস্কঃ মঙলবাৰে লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছতে গৌৰৱ গগৈক মুকলি ভাৱে শুভেচ্ছা জ্ঞাপন কৰিছিল বিজেপি বিধায়ক মৃণাল শইকীয়াই। ইয়াৰ পাছতে তোলপাৰ লাগে ৰাজ্যৰ ৰাজনীতিত। বিধায়ক গৰাকীৰ এই কাণ্ডত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিধায়ক মৃণাল শইকীয়া হয়তো বিজেপিত বেছিদিন নাথাকিব বুলি মৃণাল শইকীয়াক কটাক্ষ কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

Advertisment
  User
User

ইয়াৰোপৰি মুখ্যমন্ত্ৰীয়ে কয় যে, মৃণাল শইকীয়াই প্ৰথমে প্রধানমন্ত্রীক অভিনন্দন নজনাই, গৌৰৱ গগৈক অভিনন্দন জনাইছে তেওঁ হয়তো বিজেপিত বেছিদিন নাথাকিব। আমাৰ দললৈ যেনেকৈ কংগ্রেছী আহিছে, বিজেপিৰো দুই এজন কংগ্রেছলৈ যাব।

উল্লেখ্য যে, সামাজিক মাধ্যমত জয়ৰাম ৰমেশৰ পোষ্টক লৈও মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, জয়ৰাম ৰমেশে মোক আক্রমণ কৰি ৰাষ্ট্রীয় প্রেক্ষাপটত মোৰ মান বৃদ্ধি কৰিলে। ৰাষ্ট্রীয় প্রেক্ষাপটত মোৰ লগতে ৰাজ্যখনৰ গুৰুত্ব বাঢ়িল।আজিলৈকে অসমৰ কোনো মুখ্যমন্ত্রী এনেকৈ টাৰ্গেট হোৱা নাছিল।

Also Read: তামুলপুৰত কুঁৱা চাফা কৰিবলৈ গৈ নিহত দুজন লোক...

mrinal saikia himanta biswa sarma