/asomiyapratidin/media/media_files/2026/02/05/charaideooo-2026-02-05-15-40-59.jpg)
ডিজিটেল সংবাদ, চৰাইদেউঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে প্ৰথমবাৰৰ বাবে বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত উপস্থিত হয়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ইতিবাচক পদক্ষেপৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী শৰ্মাৰ বিশেষ তৎপৰতাত আহোম ৰাজবংশৰ মৈদাম সমূহে ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ নাম তালিকাত অন্তৰ্ভুক্তি হোৱাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীৰ চৰাইদেউ ভ্ৰমণ কাৰ্যসূচী বিশেষভাৱে তাৎপৰ্যপূৰ্ণ বুলি বিশেষভাৱে চৰ্চিত হৈছে।
উল্লেখ্য যে, ২০২৪ চনৰ ২৬ জুলাইত চৰাইদেউ মৈদাম সমূহে ইউনেস্ক'ৰ দ্বাৰা সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰ হিচাপে আনুষ্ঠানিকভাৱে স্বীকৃতি লাভ কৰাৰ পাছত আজি মুখ্যমন্ত্ৰীগৰাকীয়ে ইউনেস্ক'ৰ স্বীকৃতি পত্ৰৰ স্মাৰক ফলক (Plaque) মৈদাম ক্ষেত্ৰত উন্মোচন কৰাৰ লগতে বানফী পূজাতো অংশগ্ৰহণ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us