/asomiyapratidin/media/media_files/2025/01/29/c8SBlKNDUnkCwUBKdwyI.png)
ডিজিটেল সংবাদ,নতুন দিল্লী: অহা ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ মুখ্যমন্ত্রী তথা বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ ড° হিমন্ত বিশ্ব শৰ্মাই চহৰখনৰ উত্তম নগৰ আৰু কৰোলবাগ বিধানসভাত দুখন নির্বাচনী জনসভা সম্বোধন কৰে।
দেশৰ ৰাজধানীত পথৰ দুৰ্বল আন্তঃগাঁথনিৰ বাবে খেদ প্রকাশ কৰি ড° শৰ্মাই মন্তব্য কৰে যে এই অঞ্চল দুটাৰ পৰা অন্যান্য স্থানসমূহলৈ যাতায়ত কৰাটো অত্যন্ত বিপজ্জনক। এই অঞ্চলৰ পথৰ সৈতে গুৱাহাটীৰ বাট-পথৰ তুলনা কৰাটো অতি হাস্যকৰ বুলিও উল্লেখ কৰে।
দিল্লী চৰকাৰক ক্ষুৰধাৰ আক্ৰমণ কৰি ড° শৰ্মাই প্ৰতিটো ক্ষেত্ৰতে চৰকাৰৰ বিফলতাৰ খতিয়ান দাঙি ধৰি অনুন্নত পথ, দূষিত বায়ু, সুৰা কেলেংকাৰি, চিকিৎসালয়ৰ দুৰ্বল আন্তঃগাঁথনি আৰু আইন-শৃংখলাৰ কথা ব্যক্ত কৰে।
লগতে দিল্লীৰ বৰ্তমানৰ মুখ্যমন্ত্রী আতিশীক ক্ষমতাহীন তথা মাত্ৰ নামৰ মুখ্যমন্ত্ৰী বুলি উল্লেখ কৰি ড° শৰ্মাই দিল্লীৰ প্রাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক তীব্র সমালোচনা কৰি কয় যে কাৰাগাৰত থকাৰ অৱস্থাৰ পৰাই ৰিম'ট কন্ট্র'ল ৰাজনীতি কৰি জনসাধাৰণক প্ৰতাৰণা কৰিছিল কেজৰিৱালে।
ইয়াৰোপৰি উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ দোহাই দি হিমন্ত বিশ্ব শর্মাই কেজৰিৱালক মুখ্যমন্ত্ৰী হিচাপে সকলো কর্তৃত্বৰ পৰা আঁতৰাই দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লগতে তেওঁৰ বিতর্কিত বাসগৃহ চিচ মহল সম্পর্কতো ব্যংগাত্মকভাৱে কটাক্ষ কৰে।
ড° শৰ্মাই অৰবিন্দ কেজৰিৱালৰ হাৰিয়ানাৰ যমুনাৰ পানী বিষক্ৰিয়াৰ দাবীৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে আৰু এই কথাৰ বাবে দুখ প্রকাশ কৰে যে, কেনেকৈ কোনোবাই নিজৰ জন্মস্থানক দোষাৰোপ আৰু নিজৰ বিফলতা লুকুৱাবলৈ এনে ভিত্তিহীন অভিযোগ উত্থাপন কৰিব পাৰে।
তেওঁ অসমকে ধৰি সকলো ৰাজ্যতে বিজেপিৰ সুশাসনৰ ট্ৰেক ৰেকৰ্ডৰ সন্দৰ্ভত আলোকপাত কৰে আৰু এইবাৰ দিল্লীত বিজেপি চৰকাৰক নিৰ্বাচন কৰিবলৈ জনসাধাৰণক আহ্বান জনাই, যিয়ে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিকাশ সুনিশ্চিত কৰাৰ দিশত কাম কৰিব আৰু ৰাজধানী চহৰৰ জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰিব।