ননৈ সৰিয়হতলী বাৰেগঞা মন্দিৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

বিজেপি চৰকাৰৰ দিনত শিক্ষা,স্বাস্থ্য,ৰাস্তা-ঘাটৰ উন্নতিৰ বাবে আমি কাম কৰিছো। ইয়াৰ সমান্তৰালকৈ আমাৰ আধ্যাত্মিক সমাজখনো যাতে উজলি থাকে,তাৰ বাবে এইখন চৰকাৰে নিৰলস প্ৰচেষ্টা চলাই আহিছে।

author-image
Asomiya Pratidin
New Update
dsaxv

ডিজিটেল সংবাদ,উৰিয়াগাঁও: নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত ননৈ সৰিয়হতলী বাৰেগঞা মন্দিৰত আজি দুপৰীয়া উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মন্দিৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমতে প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত সেৱা আগবঢ়ায়।

Advertisment

ইয়াৰ পিছতেই মন্দিৰ সমিতিৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনোৱাৰ অন্তত এক সভাতো তেওঁ অংশগ্ৰহণ কৰে। সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণত কয়, ননৈ বাৰগঞা মন্দিৰ এক শতবৰ্ষ গৰকা এক ঐতিহ্যমণ্ডিত ধর্মীয় অনুষ্ঠান। অসমৰ সামাজিক যি কাঠামো আছে। ইয়াক শক্তিশালী কৰিবৰ বাবে আমাৰ চৰকাৰে সদায় প্রচেষ্টা গ্ৰহণ কৰি আহিছে।

এইখন চৰকাৰ দিনতেই চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্যৰ স্বীকৃতি পালে।অসমীয়া ভাষাই ধ্ৰুপদী  ভাষাৰ মৰ্যদা পালে।মহাপুৰুষ শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱা থানক সজাই পুৰাই তুলিবৰ বাবে আমি আঁচনি গ্ৰহণ কৰিছো। মহাপুৰুষ মাধৱদেৱৰ কলাক্ষেত্ৰ আমি তেখেতৰ জন্মভূমিতে নিৰ্মাণ কৰিছো। এক কথাত ক'বলৈ গ'লে,যোৱা ৫ বছৰত আমাৰ চৰকাৰে ৫০ হেজাৰতকৈও অধিক নামঘৰত উদাৰতাৰে অনুদান আগবঢ়াইছে।

সভাখনত মুখ্যমন্ত্ৰী শৰ্মাই ভাষণ প্ৰসঙ্গত আৰু কয়, বিজেপি চৰকাৰৰ দিনত শিক্ষা,স্বাস্থ্য,ৰাস্তা-ঘাটৰ উন্নতিৰ বাবে আমি কাম কৰিছো। ইয়াৰ সমান্তৰালকৈ আমাৰ আধ্যাত্মিক সমাজখনো যাতে উজলি থাকে,তাৰ বাবে এইখন চৰকাৰে নিৰলস প্ৰচেষ্টা চলাই আহিছে।

ননৈ সৰিয়হতলী ৰাইজেও আমাৰ সাতাম পুৰুষীয়া কলা সংস্কৃতি,ভাওনা,সত্ৰ, ভাগৱত এই গোটেই বিলাকত কেন্দ্ৰ কৰি এটা আধ্যাত্মিক পৰিবেশ নিৰ্মাণ কৰিছে। ই এক প্ৰশংসনীয়  পদক্ষেপ। কিন্তু গুৰুজনাৰ ভাওনা সংস্কৃতি জীয়াই ৰাখিবৰ বাবে এই মন্দিৰত প্ৰয়োজনীয় আন্তঃগাঁথনিৰ অভাৱ।

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে উক্ত বাৰেগঞা মন্দিৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১ কোটি টকা অনুদান আগবঢ়োৱাৰ বিষয়ে ঘোষণা কৰে। উক্ত অনুষ্ঠানৰ কাৰ্যসূচীত মন্ত্ৰী পীযুষ হাজৰীকা, বিধায়ক জিতু গোস্বামী,সাংসদ কামাখ্যা প্ৰসাদ তাছা,নগাঁও-বটদ্রৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা,সমাজসেৱক সুৰেশ বৰা, বাৰেগঞা সমাজৰ সভাপতি গোপাল চন্দ্ৰ  নাথ,সম্পাদক বগীৰাম বৰা,প্ৰাক্তন সম্পাদক দুতিৰাম শইকীয়া প্ৰমুখ্যে বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

হিমন্ত বিশ্ব শৰ্মা