কৰৈয়নী হেজাৰী ভাওনা মহোৎসৱত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা...

মতবিনিময়ৰ সময়ছোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঐতিহ্যমণ্ডিত মন্দিৰ ভাগৰ উন্নয়নৰ বাবে ১ কোটি টকা আগবঢ়োৱাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে।

author-image
Asomiya Pratidin
New Update
মনৱ

ডিজিটেল সংবাদ, নগাঁও:   সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশৰে দ্বিতীয় বৈকুণ্ঠত পৰিণত হোৱা নগাঁৱৰ কৰৈয়নী কাকডোঙা পথাৰত অনুষ্ঠিত হেজাৰী ভাওনা মহোৎসৱত আজি মুখ্য অতিথিৰূপে ভাগ লয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। গুৰুজনাৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে কৰৈয়নী বৰডোঙা পথাৰত ১৯৬৬ চনত নিৰ্মাণ কৰা কলংপৰীয়া বাৰগঞা মন্দিৰত ৫ বছৰৰ মূৰে মূৰে অনুষ্ঠিত হৈ আহিছে বাৰগঞা হেজাৰী ভাওনা মহোৎসৱ।

Advertisment

zx

বৃহত্তৰ  কলংপৰীয়া বাৰগঞা সমাজৰ  ব্যৱস্থাপনাত এইবেলিও পাঁচ দিনীয়াকৈ আয়োজন কৰা হৈছে এই ভাওনা মহোৎসৱ । ১১খন গাঁৱৰ ৰাইজে ১১ খন খোলাত আয়োজন কৰে ১১ খনকৈ গুৰুজনাৰ অমৰ সৃষ্টি অংকীয়া নাট । আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাই মন্দিৰত থকা অক্ষয় বন্তিৰ ওচৰত সেৱা আগবঢ়োৱাৰ লগতে স্থানীয় ভক্ত প্ৰাণ ৰাইজৰ লগত মত বিনিময় কৰে।

্ি

মতবিনিময়ৰ সময়ছোৱাত মুখ্যমন্ত্ৰী গৰাকীয়ে ঐতিহ্যমণ্ডিত মন্দিৰ ভাগৰ উন্নয়নৰ বাবে ১ কোটি টকা আগবঢ়োৱাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। ইয়াৰ পূৰ্বে উৰিয়াগাঁও বাইপাচ চকত মুখ্যমন্ত্ৰীক স্থানীয় লোক তথা দল-সংগঠনে উষ্ম আদৰণি জনায়। লগতে উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতি, ক্ষুদ্ৰ ব্যবসায়ী সন্থা, স্থানীয় বিদ্যালয় সমূহৰ পৰিচালনা সমিতিয়ে মুখ্যমন্ত্রীক অঞ্চলটোৰ সমস্যা সমূহৰ বিষয়ে অৱগত কৰে ৷

মুখ্যমন্ত্রীগৰাকীয়ে ৰাইজক সমস্যা সমাধানৰ আশ্বাস দিয়ে। উল্লেখ্যযোগ্য যে, আজি এই সমগ্ৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, ৰহাৰ বিধায়ক শশীকান্ত দাস আৰু চামগুৰিৰ বিধায়ক দিপ্লুৰঞ্জন শৰ্মাই।

sds

উক্ত অনুষ্ঠানৰ পাছত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ স্মৃতি চিৰ যুগমীয়া কৰাৰ উদ্দেশ্যে অসম চৰকাৰে নগাঁৱৰ পানীগাঁও ছয়আলিত নিৰ্মাণ কাৰ্য কৰি থকা ড০ ভূপেন হাজৰিকা কলাতীৰ্থ পৰিদৰ্শন কৰি কামৰ অগ্ৰগতি সম্বন্ধে বুজ লয় মুখ্যমন্ত্ৰী শৰ্মাই।

প্ৰায় ৪০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কাৰ্য চলি থকা এই বহুমূখী প্ৰকল্পটোৰ নিৰ্মাণৰ কাম ইতিমধ্যে ৮০ শতাংশ সম্পূৰ্ণ হৈ উঠিছে। আগন্তুক ৬ মাহৰ ভিতৰত সম্পূৰ্ণ হ'বলগীয়া এই অনুষ্ঠানটোত মুকলি মঞ্চ, দুটা সভা গৃহ,সুধাকণ্ঠ গৰাকীৰ সৃষ্টিৰাজিৰ সংৰক্ষণ, সংবৰ্ধনৰ আদিৰ লগতে শিশু উদ্যান আদি সংযোজিত কৰা হৈছে।

gf

ভৱিষ্যতৰ দিনত বিদ্যুতৰ সমস্যাৰ বাবে প্ৰকল্পটোত যাতে সমস্যা নহয় সেয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে পৰিদৰ্শন কালত সৌৰ শক্তিৰ ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিয়ে। শেষত গুৱাহাটী লৈ উভতিবৰ সময়ছোৱাত নগাঁও চহৰৰ মৰিকলং বিলৰ সৌন্দৰ্য বৰ্ধনৰ বাবে চলি থকা কামো পৰিদৰ্শন কৰে হিমন্ত বিশ্ব শৰ্মাই।

হেজাৰী ভাওনা মহোৎসৱ