/asomiyapratidin/media/media_files/2025/07/13/1-2025-07-13-21-39-00.jpg)
ডিজিটেল সংবাদ,বোকাখাতঃ দেওবাৰে গোলাঘাট জিলাৰ কেইবাটাও বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জিলাখনৰ শিমলুগুৰি প্ৰাথমিক বিদ্যালয়ৰ বান সাহাৰ্য শিৱিৰ, কেন্দুগুৰি প্ৰাথমিক বিদ্যালয়ৰ বান সাহাৰ্য শিবিৰ, মিঠাআম চাপৰি আদি অঞ্চলসমূহ পৰিদৰ্শন কৰি বন্যাৰ্তৰ লগত মত বিনিময় কৰি পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে।
উল্লেখ্য যে, নুমলীগড়ৰ পাৰঘাট গাঁৱৰ ১৭১ টা পৰিয়াল শিবিৰত আশ্ৰয় গ্ৰহণ কৰি আছে। শিবিৰত প্ৰশাসনৰ তৰফৰ পৰা বান সাহাৰ্য প্ৰদানৰ লগতে শিবিৰত থকা লোকৰ স্বাস্থ্য সেৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আজি বিয়লি বোকাখাত সমজিলাৰ নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয় বান শিবিৰত উপস্থিত হৈ বন্যাৰ্তৰ খবৰ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে।
ইয়াৰোপৰি বানত ক্ষতিগ্ৰস্ত বাট-পথ, মথাউৰি আদিৰ ওপৰতো সোনকালেই ব্যৱস্থা গ্ৰহন কৰা হ'ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে। বানপানী হৈ যোৱাৰ পিছত অঞ্চলটোত হ'ব পৰা ৰোগৰ প্ৰাদুৰ্ভাৱ সম্বন্ধেও বানাক্ৰান্ত ৰাইজৰ লগত আলোচনাত মিলিত মুখ্যমন্ত্ৰী গৰাকীয়ে।
আনহাতে, জিলাখনৰ অন্তৰ্গত কুৰুৱাবাহীতো শনিবাৰৰ পৰা প্ৰচাৰ চলিছিল যে দেওবাৰে মুখ্যমন্ত্ৰীৰ গোলাঘাট ভ্ৰমণ কালত কুৰুৱাবাহীতো বন্যাৰ্তৰ পৰিৱেশ-পৰিস্থিতিৰ বুজ ল'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সেইলৈ বান বিধ্বস্ত কুৰুৱাবাহীৰ পূৱ কুৰুৱাবাহী মধ্য ইংৰাজী বিদ্যালত গোলাঘাট জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ যৌথ উদ্যোগত দেওবাৰে ততাতৈয়াকৈ আয়োজন কৰা হৈছিল বিশেষ স্বাস্থ্য শিবিৰৰ।
সেই মৰ্মে জিলাখনৰ স্বাস্থ্য বিষয়া, স্বাস্থ্যকৰ্মী, অংগনৱাড়ীৰ কৰ্মী-সহায়ীকা, শাসকীয় দলৰ নেতা-পালীনেতা, বানাক্ৰান্ত ৰাইজৰ উৎকট গৰমকো নেওচি পুৱাৰ পৰা উক্ত স্বাস্থ্য শিবিৰত ভিৰ কৰিছিল। পিছে সকলোৰে আশাত চেঁচাপানী ঢালি মুখ্যমন্ত্ৰী কুৰুৱাবাহীৰ বন্যাৰ্তৰ খবৰ ল'বলৈ নাহিল।
উল্লেখযোগ্য যে, স্থানীয় ৰাইজে আশা কৰিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে বৃহত্তৰ কুৰুৱাবাহী অঞ্চলৰ বান পৰিস্থিতিৰ বুজ ল'ব লগতে অঞ্চলটোৰ বিভিন্ন সমস্যা সন্দৰ্ভৰ ৰাইজৰ লগত আলোচনাত মিলিত হ'ব। লগতে চিনাকান চাৰিআলিৰ পৰা নিকৰিঘাট সংযোগী মথাউৰিটোত হৈ থকা বান খহনীয়া আৰু ধনশিৰি হাঁহচৰা গাঁওত হৈ থকা ব্যাপক বান খহনীয়া সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীক অবগত কৰিব আৰু আশু সমাধানৰ দাবী কৰিব।
পিছে কুৰুৱাহীৰ ৰাইজৰ আশা পুৰণ নহ'ল। মুখ্যমন্ত্ৰী গৰাকীয়ে কুৰুৱাবাহীৰ পৰা নাতিদূৰৰ নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ বান সাহাৰ্য শিৱিৰতে গোলাঘাট ভ্ৰমণ সামৰিলে। ফলত বিয়লি বিশেষ স্বাস্থ্য শিৱিৰ সামৰি ঘৰা-ঘৰী হ'ল দায়িত্বত থকা লোকসকল।
এতিয়া কুৰুৱাবাহীৰ বন্যাৰ্তই প্ৰশ্ন কৰিছে যদি মুখ্যমন্ত্ৰীৰ গোলাঘাট ভ্ৰমণ কাৰ্যসূচীত কুৰুৱাবাহী অন্তৰ্ভুক্ত নাছিলেই তেনে মুখ্যমন্ত্ৰী আগমণৰ ভুৱা প্ৰচাৰ দি সাধাৰণ ৰাইজক কোনে এই উৎকট গৰমত জীয়াতু ভোগালে?