/asomiyapratidin/media/media_files/2025/01/26/6h9mVhqAnC4BIYf5fmAi.png)
ডিজিটেল সংবাদ,ডিব্ৰুগড়: প্ৰথমবাৰৰ বাবে অসমে কেন্দ্ৰীয় গণৰাজ্য দিৱস উদযাপন কৰে চাহ নগৰী ডিব্ৰুগড়ত। ইয়াৰ তাৎপর্য সন্দৰ্ভত ভাষণ দি মুখ্যমন্ত্রীয়ে কয় যে "এয়া নতুন সময়। 'কার্ফিউ-বয়কট' আদি শব্দৰে পূৰ্ণ সময়ৰ ক'লীয়া ডাৱৰ আঁতৰাই নতুনৰ আৱাহনী বাৰ্তাৰে ডিব্ৰুগড় আজি গৌৰৱৰে অসমৰ গণৰাজ্য দিৱস উদযাপনৰ কেন্দ্ৰস্থলৰূপে উদ্ভাসিত হৈছে। এই অসাধাৰণ যাত্ৰাই বিশ্বৰ সৰ্বশ্রেষ্ঠ গণৰাজ্য ভাৰতৰ শক্তি আৰু সহনশীলতাক প্রতিফলিত কৰিছে।
ডিব্ৰুগড় এসময়ত কেইবা দশক ধৰি বিদ্ৰোহ আৰু উগ্রবাদৰ মূল কেন্দ্ৰ আছিল। বন্ধৰ নিয়মীয়া আহ্বানে নিশ্চিত কৰিছিল যে গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱসত চহৰখন আক্ষৰিকভাৱে লকডাউনত আছিল। ৭৬সংখ্যক গণৰাজ্য দিৱসৰ আজি সফল সমাপ্তিয়ে প্রমাণ যে অসম এতিয়া বিনিয়োগকাৰী, পৰ্যটক, দর্শনার্থী আৰু ইয়াৰ নাগৰিকৰ বাবে এখন সুৰক্ষিত ৰাজ্য।
আজি নান্দনিক কুচকাৱাজে অসম আৰক্ষীৰ দক্ষতা প্ৰদৰ্শন কৰিছিল আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ধাৰণাটিক সবলভাবে প্রতিফলিত কৰিছিল। অসমৰ পৰা কেৰালালৈকে ভাৰতৰ বৈচিত্র্য প্রতিনিধিত্ব কৰা কলাসমূহ ইয়াত প্রদর্শিত হৈছিল।
মুখ্যমন্ত্ৰীয়ে ভাষণত চাৰিটা মূল বিষয় উপস্থাপন কৰে। প্ৰথমে, ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে ঘোষণা কৰা। ২০২৭ চনৰ ভিতৰত অসম বিধান সভাৰ এক নতুন পৰিসৰ সাজু কৰা হ'ব আৰু এতিয়াৰ পৰা ডিব্ৰুগড়ত বিধানসভাৰ এখন বৈঠক অনুষ্ঠিত হ'ব।
দ্বিতীয়তে, ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে পেঞ্চন সম্পর্কীয় বিশেষ ঘোষণা কৰা হৈছে। ২০২৫ চনৰ আগৰ কৰ্মচাৰীসকলক একত্ৰিত পেঞ্চন আঁচনিৰ অধীনত অন্তর্ভুক্ত কৰা হ'ব, য'ত অন্যান্য লাভালাভৰ ভিতৰত শেহতীয়া প্ৰাপ্ত দৰমহাৰ ৫০% অন্তর্ভুক্ত থাকিব। তাৰ পাছত কৰ্মচাৰীসকল পুৰণি পেঞ্চন আঁচনিৰ অধীনত থাকিব। নতুন পেঞ্চন আঁচনিখন এতিয়া বাতিল কৰা হৈছে।
তৃতীয়ত, ৰাজ্যখনত অৱস্থিত উদ্যোগীসকলক উদগনি, সমর্থন আৰু শক্তিশালী কৰাৰ বাবে ষ্টার্ট আপ বিভাগ এটা স্থাপন কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে তেওঁৰ দৃষ্টিভংগীৰ কথা উল্লেখ কৰে যে ষ্টার্টআপবোৰ অসমৰ অৰ্থনৈতিক নৱজাগৰণৰ মেৰুদণ্ড হ'ব।
চতুৰ্থতে, কিতাপৰ বৰ্ষ উদযাপন কৰিবলৈ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক কিতাপ ক্ৰয় কৰিবলৈ মাহে ১০০০ টকালৈকে আগবঢ়োৱা হ'ব। তদুপৰি, অসমৰ সভ্যতা-ঐতিহ্য সুৰক্ষিত কৰাৰ পদক্ষেপত মুখ্যমন্ত্রীয়ে উদাসীন ভকতসকলক ১৫০০ টকাৰ মাহিলি সমর্থনৰ লগতে ৰাজ্যখনৰ ২৫,০০০ নামঘৰৰ বাবে ৩ লাখ টকাকৈ বিত্তীয় সাহায্যৰ কাৰ্যসূচী ঘোষণা কৰে।
খনিকৰ খেলপথাৰৰ গণৰাজ্য দিৱস উদযাপনৰ পাছত মুখ্যমন্ত্ৰীয়ে চহৰখনত ৪খন নতুন উৰণ সেতুৰ শিলান্যাস কৰে। ৪.৪ কিল'মিটাৰ মুঠ দৈৰ্ঘ্যৰ চাৰি উৰণসেতুক মুঠ ৩৭৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ'ব। ডিব্ৰুগড় অসমৰ দ্বিতীয় ৰাজধানী হ'বলৈ সাজু হোৱাৰ ক্ষণত মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে যে চহৰখনৰ আন্তঃগাঁথনিৰ বিকাশ কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।