/asomiyapratidin/media/media_files/2025/06/24/1rgef-2025-06-24-18-20-22.jpg)
ডিজিটেল সংবাদ, ধুবুৰী: আজি দিনৰ ১১ বজাত ধুবুৰীত আহি উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। জিলাখনৰ শেহতীয়া আইন শৃংখলাৰ বুজ লোৱাৰ উদ্দেশ্যে আজি ধুবুৰী আৱৰ্ত ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ধুবুৰী জিলা আয়ুক্ত, ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ উপৰি জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াৰে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।
মুখ্যমন্ত্ৰী শৰ্মাৰ সৈতে অসমৰ আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিঙো উক্ত বৈঠকত উপস্থিত থাকে। বৈঠকৰ পাছত মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰে সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে, ধুবুৰীৰ বৰ্তমান পৰিস্থিতি শান্ত। গো মাংস কাণ্ডৰ মূল কাণ্ডাৰী মিণ্টু আলি নামৰ এজন ব্যক্তিক আৰক্ষীয়ে চিনাক্ত কৰিছে। বৰ্তমান পলাতক অৱস্থাত আছে মিন্টু আলি। মিন্টু আলিৰ মোবাইল ফোন আৰক্ষীয়ে লাভ কৰিছে। সেয়ে মিন্টু আলিক আত্মসমৰ্পন কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে।
তাৰোপৰি গো মাংস বিতৰ্কৰ সময়চোৱাত ধুবুৰীত ১৫১ গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জনাই মুখ্যমন্ত্ৰীয়ে। তেওঁ লগতে কয় যে, ধুবুৰীত বহু হোটেলত গো মাংস বিক্ৰী হয়। দোকানী সকলে নিজে নিজে বন্ধ কৰিব লাগে নহ'লে আৰক্ষীয়ে ধৰি আনিব। ইপিনে ধুবুৰীত ভৱিষ্যতে কুৰ্বানী বন্ধ কৰা হ'ব বুলি কয় মুখ্যমন্ত্ৰীয়ে।
তেওঁ কয়, এইবাৰ ধুবুৰীত কুৰ্বানী ঈদৰ সময়ত ১৪৬০ টা গৰু আহিছে চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ পৰা।পশু পালন বিভাগৰ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হব।ধুবুৰীত ইতিহাস প্ৰসিদ্ধ গুৰুদ্বাৰা আছে। পাঁচ কিলোমিটাৰ ভিতৰত কোনেও গো মাংস খাব নোৱাৰে। অহাবাৰ ঈদৰ পূৰ্বে আহি তেওঁ নিজে ধুবুৰীত থাকিব বুলিও সংবাদ মাধ্মৰ আগত জনায়।
তেওঁ আৰু কয়, যি সকল লোকে প্ৰকৃত ইছলামক বিশ্বাস কৰে তেওঁলোকে হিন্দু অঞ্চলত গৰু কুৰ্বানী নিদিয়ে। ইপিনে নবিন বাংলা সম্পৰ্কে তদন্ত চলি থকাৰ কথাও কয় মুখ্যমন্ত্ৰীয়ে। অসমত কেইবাটাও জেহাদী সংগঠন সক্ৰিয় হৈ থকাৰ কথা কৈ মুখ্যমন্ত্ৰীয়ে কয় যে অসমত বহু চিলিপাৰ চেল আছে। ধৰা নপৰালৈকে কব নোৱাৰি কিমান আছে।
লগতে ধুবুৰীত শীঘ্ৰে সেনা চাউনী নিৰ্মাণ হ'ব বুলি কয় মুখ্যমন্ত্ৰীয়ে। লগতে আদানী গ্ৰুপক ভূমি প্ৰদান সম্পৰ্কতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয়, এতিয়া লৈকে তিনি ঠাইত ভূমিৰ পৰ্যবেক্ষণ চলি আছে। ইয়াৰোপৰি গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমন সম্পৰ্কে অহা ১০ ছেপ্টেম্বৰত ঘোষণা কৰিব বুলি কয় মুখ্যমন্ত্ৰীয়ে।