চিকেন নেকৰ তলেদি আণ্ডাৰগ্ৰাউণ্ড পথ বনাব লাগে: ড০ হিমন্ত বিশ্ব শৰ্মা

বিভেদকামী শক্তি বিলাকেও চিকেন নেকক লৈ ব্লেকমেইলিং কৰে। মই ভাৰত চৰকাৰক আহ্বান জনাম যে চিকেন নেকৰ তলেদি আণ্ডাৰগ্ৰাউণ্ড পথ বনাব লাগে। আণ্ডাৰগ্ৰাউণ্ড ৰে'ল পথ বনাব লাগে। 

author-image
Asomiya Pratidin
New Update
োে্

ডিজিটেল সংবাদ,বিশ্বনাথ: বিশ্বনাথৰ পাভৈত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি স্বাস্থ্য শিবিৰৰ শুভাৰম্ভনি কৰে। পাভৈৰ ৰূপজ্যোতি কলা পৰিষদত অনুষ্ঠিত স্বাস্থ্য আৰু কল্যাণ শিবিৰৰ শুভ উদ্বোধন কৰি জিলাখনৰ ৬০ৰ উৰ্ধৰ ১০ গৰাকী আশা কৰ্মীক ২ লাখ টকাকৈ এককালীন চেক বিতৰণ কৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই।

Advertisment

স্বাস্থ্য শিবিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, বছৰ আগতে মধুমেহ হোৱা ৰোগী এজন বা দুজন আছিল। কিন্তু এতিয়া স্বাস্থ্য পৰীক্ষা কৰিলে বহুত ওলাব। এতিয়া বেমাৰ বাঢ়ি গৈছে। বেমাৰবোৰ আৰম্ভণিতে ধৰিব পাৰিলে চিকিৎসা কৰিব পাৰি।সেয়েহে চিকিৎসা শিবিৰ পতাৰ সিদ্ধান্ত লৈছিলো। চিকিৎসালয়লৈ কেৱল ৰোগী সকল যায় কিন্তু স্বাস্থ্য  শিবিৰলৈ সকলো আহে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰত্যেক গাঁও পঞ্চায়তত একোটা স্বাস্থ্য শিবিৰ পাতিব। আজিৰ পৰা এই নতুন অভিযান আৰম্ভ হৈছে । আজিৰ পৰা সমগ্ৰ অসমত আৰম্ভ হ'ল স্বাস্থ্য শিবিৰ। প্ৰত্যেকটো গাঁও পঞ্চায়ত, প্ৰত্যেকটো ভি চি দি চি নগৰ সমিতিৰ প্ৰতিটো ৱাৰ্ডত এই স্বাস্থ্য শিবিৰ আৰম্ভ হ'ব।

উল্লেখ্য যে, ৩০০০ কৈও অধিক স্বাস্থ্য শিবিৰ অহা দুমাহৰ ভিতৰত কৰি শেষ কৰিম বুলিও কয় হিমন্ত বিশ্ব শৰ্মাই। লগতে এই শিবিৰৰ জৰিয়তে স্বাস্থ্য সন্মত সুস্থ অসম গঢ়ি তুলিব পাৰিম বুলি উল্লেখ কৰে। 

ইফালে বাংলাদেশৰ অন্তৰ্ৱৰ্তী চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে বাংলাদেশৰ নদীসমূহৰ ব্যৱস্থাপনাত চীনৰ সহায় বিচাৰিছে। ফলত ভাৰতৰ উত্তৰ পূৱ অঞ্চল শলঠাকত পৰাৰ সম্ভাৱনা আছে। এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ই কয় যে, বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ মন্তব্যত মই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছো।

তেওঁ লগতে কয়, চিকেন নেকক লৈ বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক কথা বতৰা হৈ থাকে। বিভেদকামী শক্তি  সমূহেও চিকেন নেকক লৈ ব্লেকমেইলিং কৰে। মই ভাৰত চৰকাৰক আহ্বান জনাম যে চিকেন নেকৰ তলেদি আণ্ডাৰগ্ৰাউণ্ড পথ বনাব লাগে। আণ্ডাৰগ্ৰাউণ্ড ৰে'ল পথো বনাব লাগে। ভৱিষ্যতে চিকেন নেকক বাইপাছ কৰি ভূটানৰ মাজেদি আৰু এটা বিকল্প পথৰ চিন্তা কৰিব লাগে।

ড০ হিমন্ত বিশ্ব শৰ্মা