হিমন্ত বিশ্ব শৰ্মাক কোনে শুনাব সিংহ-নিগনিৰ সাধু?

হিমন্ত বিশ্ব শৰ্মাক কোনে শুনাব সিংহ-নিগনিৰ সাধু?

author-image
asomiyapratidin
New Update
হিমন্ত বিশ্ব শৰ্মাক কোনে শুনাব সিংহ-নিগনিৰ সাধু?

♦ মৃদুল কুমাৰ সন্দিকৈ

Advertisment

ওপৰত ঈশ্বৰ আৰু তলত হিতেশ্বৰ! কেতিয়াবা এনেদৰেই ভাবে ক্ষমতাৱান জনে। আচলতে তেওঁক ঘেৰি থকা সকলে তোষামোদ কৰিবলৈকে কয়, 'ছাৰ আপোনাৰ সমান আছে কোন?' সেই তোষামোদত বন্দী হোৱাজনে নিজৰ পতন নিজেই মাতে। কাৰণ অহংকাৰে মাতে পতন। মই বৰ বুলি ভাবি থকাজনে পঢ়িব লাগে সিংহ আৰু নিগনিৰ সাধু।

এখন হাবিত এটা সিংহ আছিল। মহাশক্তিমান সিংহই কেতিয়াও ভবা নাছিল নিগনিক কেতিয়াবা প্ৰয়োজনত লাগিব। চিকাৰীয়ে পতা জালত বন্দী হোৱাৰ পিছতহে নিগনিৰ প্ৰয়োজন অনুভৱ কৰিছিল। কিছুমান মানুহ নিগনিৰ দৰে। কেতিয়া কেনেকৈ তেওঁলোকৰ সহায় লাগে ভাবিবই নোৱাৰি! কিন্তু প্ৰয়োজন হয় বিপদৰ সময়ত।

ৰাজনীতিত উচ্চ বাক্য কৰা মানুহ বহু আছে। তুচ্ছ-তাচ্ছিল্যৰে কাৰোবাক শূন্য কৰি দিব পৰা লোকসকলে দেৱকান্ত বৰুৱাই তেতিয়াই কোৱা 'ইন্দিৰা ইজ ইণ্ডিয়া, ইণ্ডিয়া ইজ ইন্দিৰা'ৰ ভাৱাৰ্থ অনুধাৱন কৰি নিজকে সংযম কৰা প্ৰয়োজন। ধূলিত সকলো মিলি যায়। দম্ভ-অহংকাৰ এইবোৰ শেষ হৈ যায়। কিন্তু ৰৈ যায় কথা।

দেওবাৰৰ দিনা ৰেডিঅ'ত মোদীৰ কণ্ঠ ভাহি আহিছিল। আগৰ দৰে মাতত দৃঢ়তা আৰু দাম্ভিকতা নাছিল। মাহেকীয়া ৰেডিঅ' অনুষ্ঠান 'মন কী বাত'ত অংশ লওতে প্ৰসংগক্ৰমে প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল, 'মোদী আহিব আৰু যাব, দেশ কিন্তু চিৰস্থায়ী হৈয়ে থাকিব।' এই স্বীকাৰোক্তিত বহু কথা লুকাই আছে। সেই দিনাই অসমত ৰাজ্যৰ এজন প্ৰভাৱশালী মন্ত্ৰীয়ে সদম্ভে ঘোষণা কৰিছিল, আপোনালোকে মোৰ কথা বহু লিখিলে, সঁচাই-মিছাই বহু খবৰ কৰিলে। কিন্তু এতিয়া মই আপোনালোকে ঢুকি পোৱাত নাই। মই আপোনালোকৰ পৰা বহু আঁতৰত। হাতৰ পৰা ওলাই গ'লো।

এক দাম্ভিকতাৰে ভৰা স্বীকাৰোক্তি। অসমৰ সংবাদ মাধ্যমৰ পৰা বহু নিলগলৈ আৰু অসমৰ সংবাদ মাধ্যমে ঢুকি নোপোৱা দূৰত্বলৈ তেওঁ গুচি গ'ল। এই কথাখিনি যিজনে শুনিছে তেৱেই এবাৰ নিজৰ গাত ছিকুটি চাইছে। কি কথা কয় তেওঁ? ইমান দাম্ভিকতাৰে ভৰা স্বীকাৰোক্তি দি তেওঁ কিছু সময়ৰ বাবে অপ্ৰস্তুত হৈছিল। তাৰ পিছত নতুন ব্যাখ্যাৰে তেওঁ কোৱা কথাখিনিক লঘু কৰিবলৈ চেষ্টা কৰিছিল।

'ওপৰত ঈশ্বৰ, তলত হিতেশ্বৰ' বুলি যিজনক তোষামোদ কৰি অসমৰ ৰাজনীতিত অন্যতম প্ৰভাৱশালী ব্যক্তি বুলি একাংশই প্ৰচাৰ চলাইছিল, কালৰ গতিত তেওঁ হেৰাই গ'ল। এতিয়া তেওঁৰ জন্ম-মৃত্যুৰ তিথিত স্মৃতি চাৰণ সভা বা তেনে অনুষ্ঠান কেতিয়া হয় সাধাৰণ মানুহে নাজানে। জীৱিত কালত ক্ষমতাৰ জোৰত সকলো কৰিব পৰাকৈ সক্ষম বুলি ভবা ৰাজনীতিবিদগৰাকীয়ে মানুহৰ পৰা সন্মান আদায় কৰাৰ বিপৰীতে তোষামোদ পাইছিল। সেয়া স্থায়ী নহ'ল।

এইগৰাকী ৰাজনীতিবিদেই এদিন তেওঁক পৃষ্ঠপোষকতা কৰিছিল। কংগ্ৰেছৰ ৰাজনীতিত অভ্যস্ত কৰি তেওঁক ক্ষমতাকেন্দ্ৰিক ৰাজনীতিলৈ আগবঢ়াই লৈ গৈছিল তৰুণ গগৈয়ে। ২০০১ চনত তেওঁ প্ৰথমবাৰ নিৰ্বাচনত জয়ী হৈছিল। ২০১৫ চনলৈকে তেওঁ আছিল কংগ্ৰেছৰ বিধায়ক। ২০১৫ চনৰ আগষ্টত বিজেপিত যোগদান কৰিছিল তেওঁ। সংঘাত হৈছিল তৰুণ গগৈৰ সৈতে। যাৰ বাবে ২০১৪ চনৰ ২১ জুলাইত তৰুণ গগৈৰ মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছিল।

হিমন্ত বিশ্ব শৰ্মা তেওঁৰ নাম। অসমৰ ৰাজনীতিত তেওঁ শক্তিশালী ৰূপত ভূমুকি মাৰিছিল। সাত শতৰুৱেও স্বীকাৰ কৰে হিমন্ত বিশ্ব শৰ্মাৰ যি গুণ আছে সেই গুণ কাৰোৱেই নাই। তেওঁ কষ্ট কৰিব পাৰে। তেওঁ ৰাজনীতি জানে। কূটনীতি কি তেওঁ ভালদৰে বুজে। বাক চাতুৰ্যতা তেওঁৰ আছে। কথা অনুসৰি কাম কৰিবলৈ তেওঁ প্ৰয়াস কৰে। কিন্তু কোনোবাখিনিত তেওঁৰ এনে কিছু দোষ আছে যাৰ বাবে হিমন্ত বিশ্ব শৰ্মা নামৰ ৰাজনীতিবিদগৰাকীৰ উত্তৰণৰ এই পথ সদায় লক্ষ্যস্থান পোৱাৰ পূৰ্বে পথভ্ৰষ্ট হৈ পৰে।

তেওঁ আছিল শিক্ষামন্ত্ৰী। টেটৰ জৰিয়তে ৰাজ্যৰ লক্ষাধিক শিক্ষকক নিযুক্তি দিয়া সফলতাৰ দাবী হিমন্ত বিশ্ব শৰ্মাই কৰিব পাৰে। কিন্তু একেজন হিমন্ত বিশ্ব শৰ্মাই শিক্ষাখণ্ডত সংঘটিত বহু সংস্কাৰ সাধন কৰিম বুলি প্ৰতিশ্ৰুতি দিও সেয়া সম্ভৱ কৰিব নোৱাৰিলে তেওঁৰ কাৰ্যকালত। শিক্ষকক মাতি আনি মেট্ৰিক পৰীক্ষাত বেয়া ফলাফল দেখুওৱা বিদ্যালয়ৰ প্ৰধানসকলক ৰাজহুৱাকৈ ককৰ্থনা কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। মানুহে ভাবিছিল বাহঃ কি শিক্ষামন্ত্ৰী আমাৰ! কিন্তু এইগৰাকী শিক্ষামন্ত্ৰীয়ে যেতিয়া মেট্ৰিক পৰীক্ষা সুচাৰুৰূপে পাতিব নোৱাৰিলে, প্ৰশ্নকাকত ফাদিল হ'ল, আন কিছু বেমেজালি ঘটিল তাৰ বাবে শিক্ষামন্ত্ৰীগৰাকীক জবাবদিহি কৰিছিল কেৱল সংবাদ মাধ্যমে।

স্বাস্থ্যমন্ত্ৰীৰূপে হিমন্ত বিশ্ব শৰ্মাই বহু আঁচনি ঘোষণা কৰিছিল। নতুন নতুন মেডিকেল কলেজ স্থাপন কৰাৰ কৃতিত্ব হিমন্ত বিশ্ব বা তৰুণ গগৈৰ। এতিয়াও হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্যমন্ত্ৰী। স্বাস্থ্য খণ্ডৰ উন্নয়নৰ বৰঢোল কোবাই তেওঁ। ছাডেন ভিজিট, দাবী ধমকি এইবোৰে মানুহৰ ক্ষন্তেকীয়া দৃষ্টি আকৰ্ষণ কৰিছিল। কিন্তু পাৰিলে জানো স্বাস্থ্য খণ্ডৰ আমূল পৰিৱৰ্তন সাধন কৰিব? স্থাপন কৰা মেডিকেল কলেজকেইখনত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম পঢ়াবলৈ অধ্যাপক নাই। গাঁৱে-ভূঞে স্থাপন কৰা চিকিৎসালয়ত চিকিৎসকৰ অভাৱ। কিউবাৰ দৰে দেশে যদি স্বাস্থ্য খণ্ডৰ আমূল পৰিৱৰ্তন সাধিব পাৰে তেন্তে এনে এগৰাকী সক্ৰিয় স্বাস্থ্য মন্ত্ৰী পোৱাৰ পিছতো আমাৰ ৰাজ্যখনৰ স্বাস্থ্যখণ্ডৰ স্বাস্থ্য সলনি নহ'ল কিয়? এয়া কি তেওঁৰ সফলতা?

ৰাজ্যৰ অন্যতম প্ৰভাৱশালী মন্ত্ৰীৰূপে মানুহে হিমন্ত বিশ্বৰ নাম লয়। ৰাজ্যৰ আটাইতকৈ সফল মন্ত্ৰীৰূপে তেওঁৰ নামেই মনলৈ আহে। ক্ষিপ্ৰ, সক্ৰিয় আৰু যথেষ্ট বিচক্ষণতাৰ পৰিচয় দি ৰাজনীতিত তেওঁ উজলি উঠিছে। কিন্তু তেওঁক লৈ মানুহে দেখা সপোন, লক্ষ্য প্ৰাপ্তিৰ যোগ এই সকলোবোৰ কোনোবাখিনিত বেমেজালি হৈ পৰে। বিজেপিত যোগদান কৰাৰ পিছত তেওঁক নেডাৰ আহ্বায়ক কৰা হৈছিল। উত্তৰ-পূৰ্বাঞ্চলত বিজেপিৰ স্থিতি সবল কৰিবলৈ হিমন্ত বিশ্বই উদ্যোগ লৈছিল। মন্ত্ৰীজনৰ এই উদ্যোগ, কেন্দ্ৰীয় নেতৃত্বৰ ওচৰত তেওঁৰ গুৰুত্বই ক'ৰবাত তেওঁক অহংকাৰী কৰি পেলাইছে নেকি?

যিদিনা তেওঁ অসম গণ পৰিষদৰ ব্যৱহাৰত অসন্তুষ্ট হৈ এক সংবাদমেল পাতি মিত্ৰ দলটোক ওলাই যোৱাৰ বাট দেখুৱাই দিছিল সেই সংবাদ মেলতে বহি সাংবাদিকসকলক মাতি কৈছিল আপোনালোকে ঢুকি পোৱা দূৰত আৰু মই নাই। এক অৰ্থত সন্মুখত বহি থকা সাংবাদিকসকলক তেওঁ গুৰুত্বহীন কৰি তেওঁ ঘোষণা কৰিছিল আপোনালোকে ইচ্ছা কৰিলে মোৰ বিষয়ে লিখি, মোক সমালোচনা কৰি একো কৰিব নোৱাৰে। কিন্তু তেওঁ হৃদয়ংগম নকৰিলে মিত্ৰ দল অগপৰ বিৰুদ্ধে বিষেদগাৰ প্ৰকাশ কৰিবলৈ তেওঁ সেইসকল সাংবাদিকক মাতি নিছিল। যিসকল সাংবাদিকক তেওঁ 'মোক আৰু ঢুকি নাপাব' বুলি উপহাস কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল।

সংবাদ মাধ্যমক এইদৰে আক্ৰমণ কৰা হিমন্ত বিশ্ব শৰ্মাই হয়তো দিল্লীলৈ যোৱাৰ প্ৰস্তুতি আৰু সিদ্ধান্ত কৰিছে। লোকসভা নিৰ্বাচনত হিমন্ত বিশ্ব সৰ্মাক প্ৰাৰ্থী কৰিলেও আচৰিত হ'বলগীয়া একো নাথাকে। নতুবা ৰাজ্য সভাৰ সাংসদৰূপেও দিল্লীলৈ পঠোৱাৰ সিদ্ধান্ত ল'লে আচৰিত হ'বলগীয়া একো নাই। এই সকলোবোৰ সমীকৰণ মিলাই অসমৰ ৰাজনীতিত তেওঁ যে আৰু নাথাকে সেই ইংগিত দিলে নে সঁচা অৰ্থত অহংকাৰত মগ্ন হৈ তেওঁৰ মুখৰ পৰা এই বাক্য ওলাল সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।

আলোচনালৈ আহিলে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিব বুলি পৰেশ বৰুৱাক কটাক্ষ কৰিছিল তেওঁ। পৰেশ বৰুৱায়ো ইয়াৰ উত্তৰ দি কৈছিল, যদি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ কেন্দ্ৰক সৈমান কৰি সাৰ্বভৌম স্বাধীন অসম প্ৰদান কৰিব পাৰে তেন্তে স্বাধীন অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী পাতিব হিমন্ত বিশ্ব শৰ্মাক। পৰেশ বৰুৱাৰ এই প্ৰত্যাহ্বান হিমন্তই কিদৰে গ্ৰহণ কৰে সেয়া তেওঁৰ কথা। কিন্তু এই প্ৰত্যহ্বানৰ পিছত হিমন্ত বিশ্ব শৰ্মাই কিবা প্ৰত্যুত্তৰ দিব পাৰিব বুলি আশা কৰা নাযায়।

তেওঁ পৰিশ্ৰমী। তেওঁৰ পৰিশ্ৰম আৰু কূটনীতিৰ ৰাজনীতিত ক্ষমতাৰ হৰণ-ভগন নহয়। কিন্তু তেওঁ ক্ষমতা বা নেতৃত্ব দিব পৰাকৈ আজিও পৈণত হৈ উঠা নাই নেকি? সেই প্ৰশ্নয়ো ৰাইজক জোকাৰি যায়। হিমন্তৰ ভাষাত তেওঁৰ ভাষণ শুনিবলৈ লাখ লাখ মানুহ আহে। তেওঁৰ কথাত মানুহক পতিয়ন নিয়াব পৰাকৈ মিছাক সঁচা কৰিব পৰা যুক্তি থাকে। পিছে, এইবোৰ অশ্বত্থামা হত কিন্তু ইতি গজৰ দৰে।

এনে প্ৰতিভা থকাৰ পিছতো তেওঁৰ সততা আৰু বিশ্বাসৰ প্ৰতি সন্দেহ ৰৈ যায়। সেয়েহে সকলো প্ৰতিভাৰ গৰাকী হৈয়ো হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হ'ব পৰা নাই বুলি চৰ্চা হয়। অথচ তেওঁ ৰজা ভাঙিবও পাৰে, গঢ়িবও পাৰে। কিন্তু সেই নিগনিৰ সাধুটোৰ দৰে হিমন্ত বিশ্ব শৰ্মাই হয়তো মনত নাৰাখে ক্ষমতাৰ চোক এদিন শেষ হয়, মান-অভিমান, অংহকাৰ সকলো ধূলিৰ লগত মিলি যায়। সেই বিপদৰ সময়ত নিগনিৰ উপস্থিতিয়ে এদিন মহা শক্তিমান বুলি ভবাজনকো ৰক্ষা কৰিবলগীয়া হয়। 'মোক অসমৰ সংবাদ মাধ্যমে ঢুকি নাপাই' বুলি ভবা হিমন্ত বিশ্ব শৰ্মাক এই সিংহ নিগনিৰ সাধুটো কাণে কাণে হ'লেও কোনোবাই হ'লেও এবাৰ ফুচফুচাই কওক। কিজানিবা তেওঁ বুজি পায়েই, আচলতে ক্ষমতাৰ এই খেল সময়ৰ গতিত নিৰ্ভৰশীল, যিদৰে নৰেন্দ্ৰ মোদীয়েই লাহে লাহে অনুভৱ কৰিবলৈ লৈছে- দেশ থাকি যাব, মোদী গুচি যাব!

কিন্তু মই আপোনালোকে ঢুকি পোৱাৰ বাহৰিলৈ গুচি গ'লো বুলি সংবাদ মাধ্যমক কৈ সন্তুষ্টি লভা হিমন্ত বিশ্ব শৰ্মাই কৈছিল- অসীমত যাৰ হেৰাল সীমা। এয়া আত্মসন্তুষ্টি নে অহংকাৰ? সেই বিচাৰ সময়ে কৰিব।