স্কুল,কলেজ ফেশ্বন শ্ব’ৰ বাবে নহয়ঃ হিজাব বিৰ্তকক লৈ উত্তৰাখণ্ডত মুখ খুলিলে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই…

স্কুল,কলেজ ফেশ্বন শ্ব’ৰ বাবে নহয়ঃ হিজাব বিৰ্তকক লৈ উত্তৰাখণ্ডত মুখ খুলিলে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই…

author-image
asomiyapratidin
New Update
স্কুল,কলেজ ফেশ্বন শ্ব’ৰ বাবে নহয়ঃ হিজাব বিৰ্তকক লৈ উত্তৰাখণ্ডত মুখ খুলিলে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই…

 ডিজিটেল ডেস্ক: নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যেৰে শুকুৰবাৰে উত্তৰাখণ্ডত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। উত্তৰাখণ্ডৰ দেৰাদুনত শনিবাৰে বিজেপি প্ৰাৰ্থীৰ হৈ ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ চলাব শৰ্মাই।

Advertisment

শুকুৰবাৰে এক নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ বিৰুদ্ধে বিভিন্ন কটাক্ষমূলক মন্তব্য কৰে শৰ্মাই । তেওঁ কয় যে কংগ্ৰেছে মুছলমান সকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে। তেওঁলোকে মুছলমান সকল ডাক্তৰ,ইঞ্জিনিয়াৰ হোৱাটো নিবিচাৰে। কিন্তু বিজেপিয়ে বিচাৰে মুছলমান সকলো ডাক্তৰ, ইঞ্জিনিয়াৰ হোৱাটো যাৰ বাবে অসমত মাদ্ৰাছা বন্ধ কৰা হৈছে।

কৰ্ণাটকৰ হিজাব সন্দৰ্ভত মন্তব্য প্ৰদান কৰি শৰ্মাই কয় যে "হিজাব পৰিধান কৰাক লৈ মোৰ আপত্তি নাই কিন্তু কোনোৱে যদি স্কুল-কলেজত হিজাব পৰিধান কৰি যায় তেন্তে পিছত আন ধৰ্মৰ লোক সকলেও ধৰ্মীয় পোচাক পৰিধান কৰিব বিচাৰিব। কলেজ আৰু স্কুল অধ্যয়ন কৰাৰ বাবেহে,ফেশ্বন শ্ব'ৰ বাবে নহয়। সকলোৱে মনত ৰাখিব লাগে যে মুছলমান ছোৱালী সকলৰো পঢ়াৰ অধিকাৰ আছে। হিজাব পৰিধান কৰক কিন্তু স্কুল কলেজত কেৱল ইউনিফৰ্ম পিন্ধিব লাগে তেতিয়াহে সমানতা থাকে। কিন্তু কংগ্ৰেছে এতিয়া তেওঁলোকক হিজাব বিতৰ্কত সোমাই দিছে।''।

উল্লেখ্য যে,১৪ ফেব্ৰুৱাৰীত উত্তৰাখণ্ডত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰু ভোটগণনা হ'ব ১০ মাৰ্চত। বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যেৰে এদিনীয়া কাৰ্যসূচীৰে উত্তৰাখণ্ডত উপস্থিত হোৱা শৰ্মা শনিবাৰে নিশা ৰাওনা হ'ব গুৱাহাটীলৈ।

himanta biswa sarma uttarakhand