/asomiyapratidin/media/media_files/2025/02/15/b6YswPLC5THg2V2dbnW4.jpg)
ডিজিটেল সংবাদ,দিছপুৰ: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি গুৱাহাটীস্থিত কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক তথা অসমৰ দায়িত্বত থকা দলৰ সহ-তত্ত্বাবধায়ক মনোজ চৌহানৰ বিৰুদ্ধে ফৌজদাৰী মানহানি গোচৰ দাখিল কৰিছে।
উল্লেখ্য যে, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক তথা অসমৰ দায়িত্বত থকা দলৰ সহ-তত্ত্বাবধায়ক চৌহানে যোৱা ১১ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্রী ড° শর্মাই ডুবাই আৰু ছিংগাপুৰত শপিং ম'ল আৰু হোটেলৰ ব্যৱসায়ত ধন বিনিয়োগ কৰা বুলি অভিযোগ কৰিছিল।
নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নেতাগৰাকীয়ে কৰা এনে ভিত্তিহীন অভিযোগৰ পৰিপ্ৰেক্ষিততে মুখ্যমন্ত্রী ড° শর্মাই আজি গুৱাহাটীস্থিত কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত চৌহানৰ বিৰুদ্ধে ফৌজদাবী মানহানি গোচৰ দাখিল কৰে।
মুখ্যমন্ত্ৰীৰ এই গোচৰৰ আধাৰত আদালতে চি আৰ ৭৮/২০২৫ নম্বৰৰ গোচৰ ৰুজু কৰি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদকগৰাকীক কাৰণ দর্শোবা জাননী (প্রী কগনাইজেন্স ন'টিছ) জাৰি কৰিছে।
আদালতে লগতে চৌহানক অহা ১৭ মার্চত আদালতত উপস্থিত হ'বলৈও নির্দেশ প্রদান কৰিছে। আনহাতে, মুখ্যমন্ত্রীয়ে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নেতাগৰাকীৰ বিৰুদ্ধে আদালতত দেৱানী মানহানি গোচৰ দাখিল কৰাৰো সিদ্ধান্ত গ্রহণ কৰিছে।