জ্যেষ্ঠ কংগ্ৰেছ নেতা গোলাম নবী আজাদৰ পদত্যাগ,ছোনীয়া গান্ধীক সমালোচনা হিমন্ত বিশ্ব শৰ্মাৰ…

জ্যেষ্ঠ কংগ্ৰেছ নেতা গোলাম নবী আজাদৰ পদত্যাগ,ছোনীয়া গান্ধীক সমালোচনা হিমন্ত বিশ্ব শৰ্মাৰ…

author-image
asomiyapratidin
New Update
জ্যেষ্ঠ কংগ্ৰেছ নেতা গোলাম নবী আজাদৰ পদত্যাগ,ছোনীয়া গান্ধীক সমালোচনা হিমন্ত বিশ্ব শৰ্মাৰ…

ডিজিটেল ডেস্কঃ শুকুৰবাৰে কংগ্ৰেছৰ সকলো দায়িত্ব এৰি গোলাম নবী আজাদে ত্যাগ কৰিলে কংগ্ৰেছ দল।দলটোৰ কাম-কাজত ক্ষুণ্য হৈ জ্যেষ্ঠ নেতা গোলাম নবী আজাদে পদত্যাগ কৰাৰ পাছত কংগ্ৰেছ দলত চাঞ্চল্যৰ সৃষ্টি হয়।

এই সন্দৰ্ভত ভাষ্য প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শৰ্মাই কয় যে কংগ্ৰেছৰ সকলোৱে জানে ৰাহুল গান্ধী এজন অপৰিপক্ক নেতা । উল্লেখ্য যে হিমন্ত বিশ্ব শৰ্মা ২০১৫ চনলৈকে কংগ্ৰেছ দলত আছিল।তাৰেই প্ৰসংগত শৰ্মাই উল্লেখ কৰে যে তেখেতে যেতিয়া ২০১৫ চনত কংগ্ৰেছৰ হাইকামাণ্ডলৈ পদত্যাগ পত্ৰ লিখিছিল সেই পত্ৰখনত উল্লেখ কৰা প্ৰায়বোৰ কথাৰে সাদৃশ্য আছে,গোলাম নবী আজাদৰ পদত্য়াগ পত্ৰখনত।

ছোনীয়া গান্ধীক ড০শৰ্মাই সমালোচনা কৰি কয় যে ছোনীয়া গান্ধীয়ে দলটোৰ বাবে কোনা যত্ন লোৱা নাই,বৰং পুত্ৰ ৰাহুল গান্ধীৰ বাবে হে প্ৰচাৰ চলাই আছে। এনে কৰিবলৈ চেষ্টা কৰাটো উচিত নহয়।

rahul gandhi hbs sonia gandhi congress