/asomiyapratidin/media/media_files/2025/03/15/wWOszO1J30wbRazSVEGi.jpg)
ডিজিটেল সংবাদ, উৰিয়াগাঁও: নগাঁও জিলাৰ কলংপৰীয়া বাৰগঞা সমাজৰ হেজাৰী ভাওনা মহোৎসৱত আজি সন্ধিয়া উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মন্দিৰত উপস্থিত হৈ গায়ন বায়ন,আয়তিৰ উৰুলী, ডবা, কাঁহ, শংখ, ঘন্টাৰ ধ্বনিৰে মুখৰিত পৰিবেশত বাৰগঞা মন্দিৰৰ পুনৰ নিৰ্মাণৰ কামৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
মুখ্যমন্ত্ৰী গৰাকীৰ আছুতীয়া পুঁজিৰ দ্বাৰা কলংপৰীয়া বাৰগঞা সমাজৰ সাৰ্বজনীন হেজাৰী ভাওনা মন্দিৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে পঞ্চাশ লাখ টকা অনুদান আগবঢ়োৱাৰ পিছত বিধায়ক ৰূপক শৰ্মাৰ নেতৃত্বত পুনৰ প্ৰাণ পাই উঠে বাৰগঞা মন্দিৰটো।
১৬ খন গাঁৱৰ ৰাইজৰ উপস্থিতিত এক উৎসৱ মুখৰ পৰিবেশৰ মাজত মন্দিৰভাগৰ মুখ্যমন্ত্ৰী গৰাকীয়ে শুভ উদ্বোধন কৰাৰ পিছতেই নৱৰূপ জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে খোল বাদন পৰিদৰ্শন কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰী গৰাকীয়ে অনুষ্ঠানত নিজৰ ভাষণ ৰাখে।
তেওঁ কয় যে, শ্ৰীমন্ত শংকৰদেৱৰ আধ্যাত্মিক নেতৃত্বৰ বাবেই আজিও অসমত আধ্যাত্মিক আৰু উচ্চ সংস্কৃতিৰ পৰিবেশ বিৰাজ কৰি আছে। এই আধ্যাত্মিকতাৰ অংশ স্বৰূপ আমি পালন কৰা হোলী উৎসৱে প্ৰতিগৰাকী মানুহৰ মনত মিলনৰ সাঁকো নিৰ্মাণ কৰিছে। এই পৰিবেশে অসমৰ বহু ক্ষেত্ৰত প্ৰভাৱিত কৰিছে।
মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে, আধ্যাত্মিক পৰিবেশ যেতিয়াই উচ্চতালৈ যায় তেতিয়াই সমাজৰ পৰা অশুভ শক্তি,অসূয়া-অপ্ৰীতি নাইকীয়া হয়। শিক্ষা,সাংস্কৃতিক,ক্ৰীড়া আদিৰ পৰিবেশ নিৰ্মাণ হয়। আমি বিচাৰো আমাৰ নামঘৰ,মন্দিৰক কেন্দ্ৰ কৰি এনে আধ্যাত্মিক পৰিবেশ নিৰ্মাণ হওক। যি পৰিবেশ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কল্পনা কৰিছিল। আমাৰ আদি পুৰুষ সকলেও তেনে সংস্কৃতি নিৰ্মাণৰ বাবে কাম কৰিছিল।
মুখ্যমন্ত্ৰী গৰাকীয়ে মন্দিৰৰ পুনৰ নিৰ্মাণৰ বাবে তেওঁ আগবঢ়োৱা ৫০ লাখ টকা সুন্দৰকৈ ব্যৱহাৰ কৰাত আনন্দ প্ৰকাশ কৰি এইক্ষেত্ৰত বিধায়ক ৰূপক শৰ্মাই গ্ৰহণ কৰা ভূমিকাকো প্ৰশংসা কৰে। মন্দিৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে পুনৰ ১ কোটি টকা প্ৰদানৰ কথাও ঘোষণা কৰি এই অনুষ্ঠানটো মধ্য অসমৰ ভিতৰতে এটা সৰ্বাংসুন্দৰ অনুষ্ঠান হৈ পৰাৰো আশা কৰে হিমন্ত বিশ্ব শৰ্মাই।
অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মা উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে সমাজখনলৈ আগবঢ়োৱা অৱদানক শলাগ লয়।অনুষ্ঠানত বাৰগঞা সমাজৰ সভাপতি সত্ৰাধিকাৰ নবীন চন্দ্ৰ গোস্বামী, সম্পাদক দিলীপ বৰাৰ লগতে বিষয়ববীয়া সকলৰ উপৰিও বিধায়ক শশীকান্ত দাস,বিশিষ্ট সমাজকৰ্মী সুৰেশ বৰা উপস্থিত থাকে।
উল্লেখযোগ্য যে,বাৰগঞা মন্দিৰলৈ অহাৰ পথত উৰিয়া গাঁও বাইপাছ চ'কত উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতি আৰু উৰিয়াগাঁও ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ যৌথ উদ্যোগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উষ্ম আদৰণি জনোৱা হয় । লগতে উৰিয়া গাঁৱৰ পৰা বাৰগঞা মন্দিৰলৈ বিধায়ক ৰূপ শৰ্মাই শোভাযাত্ৰা কৰি মুখ্যমন্ত্ৰী গৰাকীক আদৰি আনে।
মন্দিৰ প্ৰাংগণত পুৱা মাঙ্গলিক গীতৰ পিছতেই শিশু সন্মিলন অনুষ্ঠিত হয়। শিশু অনুষ্ঠান জ্যোতিষ্কৰ ব্যৱস্থাপনাত অনুষ্ঠিত হোৱা শিশু সন্মিলনখন উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক মোহিনীমোহন ডেকাই। এই সন্মিলনখনত শংকৰী কলা কৃষ্টি প্ৰদৰ্শন কৰা হয়। ইয়াৰ পিছতে শিশু আলোচনী জ্যোতিষ্ক উন্মোচন কৰে অকনিৰ সাহিত্য সভাৰ সভাপতি পংকজ বৰুৱাই।
সাংবাদিক বীৰেণ বৰাই আঁত ধৰা অনুষ্ঠানতেই বিশিষ্ট ওজা শিল্পী ভাবুৰাম কেওটক জ্যোতিষ্ক সন্মান প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানত বিশিষ্ট যুৱ লেখক কৌশিক নন্দন বৰুৱা,শিশু বন্ধু দুলাল,বাৰগঞা সমাজৰ সভাপতি নবীন চন্দ্ৰ গোস্বামী,বিশিষ্ট অধিবক্তা দেহীৰাম বৰা,অৱসৰপ্ৰাপ্ত অধ্যক্ষ হলী হাজৰিকা প্ৰমুখ্যে বহু লোক উপস্থিত আছিল।
অনুষ্ঠানৰ সদ্য প্ৰয়াত খগেন বৰাৰ "কবিতাটো নহ'ল লিখা" নামৰ এখন কবিতা পুথি উন্মোচন কৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষ গুণ শইকীয়াই। নিশা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। শুকুৰবাৰে নিশা ১১ খন ৰভাত একে সময়তে ১১ অংকীয়া ভাওনা প্ৰদৰ্শন হয়।