উত্তৰ ভাৰতত ভয়ংকৰ প্ৰকৃতিৰ তাণ্ডৱ, হিমাচল প্ৰদেশত মৃত্যু ২২ জনৰ…

উত্তৰ ভাৰতত ভয়ংকৰ প্ৰকৃতিৰ তাণ্ডৱ, হিমাচল প্ৰদেশত মৃত্যু ২২ জনৰ…

author-image
asomiyapratidin
New Update
উত্তৰ ভাৰতত ভয়ংকৰ প্ৰকৃতিৰ তাণ্ডৱ, হিমাচল প্ৰদেশত মৃত্যু ২২ জনৰ…

ডিজিটেল ডেস্ক : উত্তৰ ভাৰতত ভয়ংকৰ প্ৰকৃতিৰ তাণ্ডৱ। প্ৰলয়ংকাৰী বানৰ লগতে ভূমিস্খলন মৃত্যু ৩৭ জনৰ। হিমাচল প্ৰদেশ, ওড়িশা, উত্তৰাখণ্ড, ঝাৰখণ্ডত ভয়ংকৰ পৰিস্থিতি। হিমাচল প্ৰদেশত এতিয়ালৈকে প্ৰাণ হেৰুৱাইছে ২২জন লোকে। হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয় ৰাম ঠাকুৰে ৰাজ্যখনৰ ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হোৱা স্থানত তাৎক্ষণিক সাহায্য আৰু উদ্ধাৰ অভিযান নিশ্চিত কৰিবলৈ ৰাজ্যখনৰ উপায়ুক্তসকলক নিৰ্দেশ দিছে।

Advertisment

শীৰ্ষ বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত জয় ৰাম ঠাকুৰে কয় যে 'আপেল খেতি কৰা অঞ্চলসমূহৰ মুখ্য পথসমূহ অগ্ৰাধিকাৰৰ ভিত্তিত পুনৰুদ্ধাৰ কৰিব লাগিব। লগতে পৰ্যটকসকলক যিকোনো অপ্ৰীতিকৰ ঘটনা পৰিহাৰ কৰিবলৈ পাহাৰৰ দাঁতিকাষৰীয়া ঠাই আৰু নদীৰ পাৰৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিব লাগিব।'

ঠাকুৰে লগতে কয় যে কেন্দ্ৰীয় চৰকাৰক সাহায্য আৰু পুনৰ সংস্থাপনৰ কাম কৰিবলৈ অতিৰিক্ত কেন্দ্ৰীয় দল প্ৰেৰণ কৰিবলৈ অনুৰোধ কৰা হ'ব। চৰকাৰী প্ৰতিবেদন অনুসৰি, হিমাচল প্ৰদেশত যোৱা ২৪ ঘণ্টাত বৰষুণৰ ফলত হোৱা ভূমিস্খলন আৰু অন্যান্য বতৰ সম্পৰ্কীয় ঘটনাৰ ফলত কমেও ২১ জন লোকৰ মৃত্যু হৈছে। বৰ্তমান মৃত্যু হোৱা লোকৰ সংখ্যা ২২জনলৈ বৃদ্ধি পাইছে।

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ২৫ আগষ্টলৈকে ৰাজ্যখনত ভূমিস্খলনৰ বাবে সতৰ্কবাণী জাৰি কৰিছে ৷ ইফালে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগেও ৰাজ্যজুৰি পৰৱৰ্তী ১২ ঘণ্টাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে ৷

india himachal pradesh