/asomiyapratidin/media/media_files/2025/04/18/yFDCbTtp3NFNqFrk9XcL.jpg)
ডিজিটেল ডেস্ক : গুৱাহাটীস্থিত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সৰুপেটা নাগৰিক সমাজৰ প্ৰচেষ্টাত তিনি দশক গৰকা অসমৰ অগ্ৰণী নাট্য সংগঠন 'মঞ্চ সৰুপেটা'ই পৰিবেশন কৰে ‘শংকৰ গুৰু আমাৰে’ শীৰ্ষক এখনি নাট। এই নাটখনিৰ ৰচনা বিশিষ্ট নাট্যকাৰ হিল্লোল কুমাৰ পাঠকৰ আৰু পৰিচালনা ৰণহং চৌধুৰীৰ।
উল্লেখযোগ্য যে, ৰুদ্ৰ বায়ন নামৰ শংকৰ গুৰুৰ একনিষ্ঠ আকোৰগোজ প্ৰকৃতিৰ ভক্ত এজনৰ শংকৰনিষ্ঠা, শংকৰাচৰণ, শংকৰচৰ্যা, শংকৰযাপনৰ মাজেৰে দেখুওৱা হৈছে জাতিটোৱে প্ৰকৃততে শংকৰ গুৰুক কিদৰে বুকুত ধাৰণ কৰি জীয়াই ৰখা উচিত। আধুনিকতা, ৰাজনীতি আদিক পৰিহৰি কিদৰে আমি মূলতঃ শংকৰাচৰণ কৰিব পাৰোঁ, তাকেই দেখুওৱাৰ প্ৰয়াস কৰা হৈছে নাটকখনত।
আনহাতে অভিনয়ৰ ক্ষেত্ৰত কাৰ্তিক কুমাৰ পাঠক, বিশ্বজিত তালুকদাৰ, অখিল কলিতা, দেৱাংগ ডেকা, মুন্না তালুকদাৰ, সৌৰভ দাস, ৰূপক তালুকদাৰ, দিলীপ কুমাৰ দাস, ৰাজু তালুকদাৰ, সীমা দাস আৰু কাকলি দাসৰ প্ৰচেষ্টা শলাগনীয়। গুৰুজনাই সৃষ্টি কৰা গীত- মাতৰ ব্যবহাৰ নাটকখনৰ অলংকাৰ।
পৰিচালনাৰ ক্ষেত্ৰত সহকাৰী পৰিচালক অভিজিত চুতীয়াৰ সহযোগত ৰণহাং চৌধুৰী নিজৰ ধৰণৰ Genre বাহিৰলৈ ওলাই সম্পৰীক্ষাতো বহুখিনি সফল হৈছে । নাটকখনৰ পোহৰ আৰু সংগীত ৰূপায়ণ কৰিছে ক্ৰমে হেমন্ত বুঢ়াগোহাঁই আৰু গৌতম শইকীয়াৰ।