হিজাব বিতৰ্ক সন্দৰ্ভত অপপ্ৰচাৰঃ ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানক NBDS ৰ শাস্তি...

author-image
Asomiya Pratidin
New Update
হিজাব বিতৰ্ক সন্দৰ্ভত অপপ্ৰচাৰঃ ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানক NBDS ৰ শাস্তি...

AMAN CHOPRA

ডিজিটেল ডেস্কঃ হিজাব বিতৰ্কই এতিয়াও কৰি ৰাখিছে দেশৰ ৰাজনীতি। কৰ্ণাটকৰ শিক্ষানুষ্ঠানত হিজাব নিষিদ্ধ কৰাৰ পিছতে আৰম্ভ হোৱা এই বিতৰ্কই পৰৱৰ্তী সময়ত উত্তাল প্ৰতিবাদৰ সৃষ্টি কৰাৰ লগতে দেশ জুৰি প্ৰতিবাদৰ অগ্নি জ্বলোৱাৰ লগতে সমগ্ৰ বিষয়টোৱেই দেশৰ সামাজিক, ৰাজনৈতিক পৰিস্থিতি উত্তাল কৰি তোলাৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়টো লাভ কৰিছিল বিশেষ চৰ্চা।

Advertisment

এনে বিতৰ্কৰ অগ্নিত যেন আহুতি ঢালিছিল একাংশ সংবাদ মাধ্যমে। এই বিতৰ্কত একাংশ সংবাদ মাধ্যমে খবৰ প্ৰকাশ কৰাৰ পৰিৱৰ্তে সমগ্ৰ ঘটনাক বিপথে পৰিচালিত কৰিবলৈও চেষ্টা কৰিছিল বুলিও চৰ্চা চলিছিল।

তেনে চৰ্চাক মান্যতা প্ৰদান কৰি এক ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানক জৰিমণা প্ৰদান কৰিছে দ্যা নিউজ ব্ৰ'ডকাষ্টিং এণ্ড ডিজিটেল ষ্টেণ্ডাৰ্ডছ অৰ্থৰিটি চমুকৈ এন বি ডি এছে। নিউজ-১৮ নামৰ ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানটোৰ এংকৰ অমন চোপ্ৰাই অনুষ্ঠিত কৰা এটা টক শ্ব'ক কেন্দ্ৰ কৰি এই শাস্তি প্ৰদান কৰা হৈছে।

৮ এপ্ৰিলত অনুষ্ঠিত কৰা সেই টেলিভশ্যন টক শ্ব'টোত এংকৰ অমন চোপ্ৰাই কৰ্ণাটক চৰকাৰৰ হিজাব নিষিদ্ধকৰণৰ সিদ্ধান্তৰ বিৰোধিতা কৰি হিজাব সমৰ্থন কৰা লোকসকলক আখ্যা দিছিল 'হিজাব গেং' আৰু 'আল কায়দা গেং' বুলিও উল্লেখ কৰিছিল।

তেওঁ সেই একেটা টক শ্ব'তে এই হিজাব আন্দোলনত অল কায়দাৰ হাত আছে বুলিও অপপ্ৰচাৰত লিপ্ত হৈছিল। সেই বিতৰ্কিত টক শ্ব'টোক কেন্দ্ৰ কৰি এতিয়া এন বি ডি এছে নিউজ ১৮ নামৰ ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানটোক অপপ্ৰচাৰত লিপ্ত হোৱাৰ বাবে ৫০ হাজাৰ টকাৰ জৰিমণা বিহিছে।

hijab controversy NEWS 18 NETWORK AMAN CHOPRA