/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/06/gadho-panner.jpg)
ডিজিটেল ডেস্কঃ পনীৰ বিশ্বৰ বহু লোকৰ প্ৰিয় খাদ্য। কিন্তু বিশ্বৰ আটাইতকৈ উৎকৃষ্টমানৰ পনীৰ ক'ত উৎপন্ন কৰা হয়, জানেনে? বিশ্বৰ আটাইতকৈ সুস্বাদু আৰু সুগোন্ধযুক্ত পনীৰ প্ৰস্তুত কৰা হয় ছাইবেৰিয়াত। ছাইবেৰিয়াৰ এবিধ বিশেষ প্ৰজাতিৰ গাধৰ গাখীৰৰ পৰা প্ৰস্তুত কৰা এই পনীৰৰ দাম শুনিলেও আপোনাৰ চকু কপালত উঠিব।
ছাইবেৰিয়াৰ সেই বিশেষ জাতৰ গাধৰ গাখীৰৰ পৰা প্ৰস্তুত কৰা প্ৰতি কিলো পনীৰৰ মূল্য ১১৩০ টকা। ভাৰতীয় মুদ্ৰা হিচাপত ইয়াৰ মূল্য হয় প্ৰায় ৭৮ হাজাৰ টকা প্ৰতি কেজিত। ২০১২ চনৰ পৰা শ্লোবাদন চিমিক নামৰ ব্যক্তিজনে এই পনীৰ তৈয়াৰ কৰিছে। তাৰ বাবে তেওঁ পুহিছে প্ৰায় ২০০ গাধ।
অৱশ্যে প্ৰতিবছৰে তেওঁ ৬-১৫ কিলো পৰ্যন্তহে এই বিশেষ পনীৰ বিদেশী পৰ্যটকক বিক্ৰী কৰে। এই ব্যক্তিজনৰ মতে, এইবিধ গাধৰ পৰা উৎপাদন কৰা গাখীৰো অতি উন্নত আৰু পুষ্টিকৰ। মানৱ শিশুৰ বাবে এই গাখীৰ অতি উপযোগী বুলিও তেওঁ দাবী কৰে।