হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল : বটদ্ৰৱাৰ ভিজন একাডেমীৰ এশ শতাংশ উত্তীৰ্ণ

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত এশ শতাংশ উত্তীৰ্ণৰে বটদ্ৰৱালৈ গৌৰৱ কঢ়িয়াই আনিলে ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী স্কুলে

author-image
Asomiya Pratidin
New Update
হাইস্কুল শিক্ষান্ত পৰীক্ষা ...

ডিজিটেল সংবাদ, বটদ্ৰৱা : আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত এশ শতাংশ উত্তীৰ্ণৰে বটদ্ৰৱালৈ গৌৰৱ কঢ়িয়াই আনিলে ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী স্কুলে। ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত পৰা ১৫ গৰাকী ছাত্ৰ -ছাত্ৰী অৱতীৰ্ণ হৈ ১৫ গৰাকীয়েই সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। 

Advertisment

স্কুলখনৰ ভাৰ্গৱ ভূঞা নামৰ শিক্ষাৰ্থীগৰাকীয়ে গণিতত ৯৯, ইংৰাজীত ৯২, সাধাৰণ বিজ্ঞানত ৯৩, ঐচ্ছিক গণিতত ৯২, অসমীয়াত ৮৮ আৰু সমাজ বিজ্ঞানত ৭৭ নম্বৰ লাভ কৰি মুঠ ৫৪১ তথা ৯০.২ শতাংশ নম্বৰেৰে ডিষ্টিংচন লাভ কৰে। আনহাতে ছাহিল আলম আৰু জাকাৰিয়া আহমেদ নামৰ দুগৰাকীয়ে ষ্টাৰ মাৰ্ক লাভ কৰাৰ উপৰি প্ৰথম বিভাগত ১০ জন, দুগৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। 

বটদ্ৰৱাত নকৈ প্ৰতিষ্ঠা হোৱা ব্যক্তিগতখণ্ডৰ বিদ্যালয় ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা ধাৰাবাহিকভাৱে হাইস্কুল শিক্ষান্ত পৰীক্ষাত এশ শতাংশ ছাত্ৰ -ছাত্ৰী উত্তীৰ্ণ হৈ অভিলেখ সৃষ্টি কৰাৰ বাবে অঞ্চলটোৰ ৰাইজে অধ্যক্ষ জুনাইদ আহমেদ চৌধুৰীক অভিনন্দন জনাইছে। উল্লেখ্য যে ডিষ্টিংচন লাভ কৰা ভাৰ্গৱ ভূঞা নামৰ ছাত্ৰজন বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দিলীপ ভূঞা আৰু প্ৰণিতা ভূঞা পুত্ৰ। উল্লেখযোগ্য যে, ভিজন একাডেমীৰ সাফল্যৰ বাবে অঞ্চলবাসীয়ে অভিনন্দন জ্ঞাপন কৰিছে।

batadraba