/asomiyapratidin/media/media_files/2025/08/05/09-2025-08-05-17-35-04.jpg)
ডিজিটেল সংবাদ, বাইহাটা চাৰিআলি :। কামৰূপ জিলাৰ বাইহাটা চাৰিআলি থানাৰ আৰক্ষীয়ে পুৱতি নিশা অভিযান চলাই প্রথমাৱস্থাত ক্ষুদ্ৰপলহাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা AS-01-FA-6876 নম্বৰৰ ছুইফ্ট ডিজায়াৰসহ চাৰিটা চোৰক আটক কৰিবলৈ সক্ষম হয়।
ধৃত চোৰ কেইটা হৈছে মুকালমুৱা থানাৰ অন্তৰ্গত ২ নং ভেলামাৰীৰ উচমত আলী (২৮) মুছলিম আলী (২৫), একেখন থানাৰ অন্তৰ্গত ৩ নং ভেলামাৰীৰ মইনুদ্দিন আলী (২৯) আৰু কুটনিকুছি নিবাসী বাবৰ আলী (২৪) বুলি জানিব পৰা গৈছে। উল্লেখ্য যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীৰ লগতে ব্যক্তিগত সহায়ক প্রাণজিত ডেকাৰ বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত বেজেৰাস্থিত ঘৰত চোৰৰ এটা দলে দিনচেৰেক পূৰ্বে চাফাই অভিযান চলাই বিভিন্ন মূল্যবান সা-সামগ্রী লুটি নিছিল।
এই সন্দৰ্ভত থানাখনত গোচৰ পঞ্জীয়ন হৈ থকাৰ সমান্তৰালকৈ আৰক্ষীয়ে চোৰৰ সন্ধানত অভিযান অব্যাহত ৰাখিছিল। তেনে সময়তে কালি নিশা লাভ কৰা খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই মঙলদৈৰ দিশৰ পৰা বাইহাটা চাৰিআলি অভিমুখে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে আহি থকা অৱস্থাত ক্ষুদ্ৰপলহাত পুৱতি নিশা চাৰিটা চোৰ আটক কৰাৰ লগতে উল্লেখিত ছুইফ্ট ডিজায়াৰখনো জব্দ কৰিবলৈ সক্ষম হয়।
পিছত ধৃত চোৰকেইটাৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে মুকালমুৱা চৰৰ বাহাৰুল আলী (২৭) নামৰ পুনৰ এটা চোৰ আটক কৰাৰ লগতে চুৰি কাৰ্যত ব্যৱহাৰ কৰা AS-01-FW-7086 নম্বৰৰ আন এখন বাহনো আৰক্ষীয়ে জব্দ কৰে। চোৰৰ দলটোৰ পৰা আৰক্ষীয়ে বিভিন্ন মূল্যবান গহনা, কাঁহৰ বাচন-বর্তন, ইনভাৰ্টাৰ বেটাৰি আদিকে ধৰি কেইবালাখ টকাৰ সা-সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে আটাইকেইটা চোৰক কালি আদালতত হাজিৰ কৰাই অধিক জেৰাৰ বাবে আৰক্ষীৰ জিম্মাত বিচৰাত আদালতে চাৰিটা চোৰক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।