Advertisment

বেংগালুৰৰ মেচিন টুল শ্ব’ৰ অনুষ্ঠানত মেক ইন ইণ্ডিয়াক উচ্চ প্ৰশংসা সঞ্চালক প্ৰধান ৰিচাৰ্ড চেনৰ...

বেংগালুৰত অনুষ্ঠিত মেচিন টুল শ্ব’ ইভেণ্ট 'আইএমটেক্স ২০২৫'ত ভাৰতৰ মেক ইন ইণ্ডিয়াক প্ৰশংসাৰে উপচালে টি ই চি চিৰ সঞ্চালক প্ৰধান ৰিচাৰ্ড চেনে। অনুষ্ঠানত ৰিচাৰ্ড চেনে কয় যে, ভাৰতৰ উৎপাদন খণ্ডটো মেচিনেৰী, অটোমোটিভ আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত বিশ্বব্যাপী আগশাৰীৰ। 

author-image
Asomiya Pratidin
New Update
বেংগালুৰৰ মেচিন টুল শ্ব’ৰ অনুষ্ঠানত মেক ইন ইণ্ডিয়াক উচ্চ প্ৰশংসা

বেংগালুৰৰ মেচিন টুল শ্ব’ৰ অনুষ্ঠানত মেক ইন ইণ্ডিয়াক উচ্চ প্ৰশংসা

ডিজিটেল ডেস্ক : বেংগালুৰত অনুষ্ঠিত মেচিন টুল শ্ব’ ইভেণ্ট 'আইএমটেক্স ২০২৫'ত ভাৰতৰ মেক ইন ইণ্ডিয়াক প্ৰশংসাৰে উপচালে টি ই চি চিৰ সঞ্চালক প্ৰধান ৰিচাৰ্ড চেনে। বৃহস্পতিবাৰে বেংগালুৰুত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত ৰিচাৰ্ড চেনে কয় যে, ভাৰতৰ উৎপাদন খণ্ডটো মেচিনেৰী, অটোমোটিভ আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত বিশ্বব্যাপী আগশাৰীৰ। 

Advertisment

ইণ্ডাষ্ট্ৰী ৪.০ আৰু আইঅ’টিৰ সৈতে এক উল্লেখযোগ্য পৰিৱৰ্তন সাধন কৰিছে মেক ইন ইণ্ডিয়াই। মেক ইন ইণ্ডিয়াৰ এই অনিৰুদ্ধ যাত্ৰাত টাইৱান হৈছে বিশ্বাসযোগ্য অংশীদাৰ। এই যাত্ৰাৰ অংশীদাৰ হ’বলৈ পাই টাইৱান গৌৰৱান্বিত বুলি মন্তব্য কৰে চেনে।

তেওঁ লগতে মেচিন টুল শ্ব’ৰ অনুষ্ঠানত তেওঁলোকে বিখ্যাত টাইৱানীজ ব্ৰেণ্ডৰ অত্যাধুনিক সামগ্ৰী প্ৰদৰ্শন কৰাৰ কথা জানিবলৈ দিয়ে। এই সামগ্ৰীসমূহ মেক ইন ইণ্ডিয়াৰ আলমতে নিৰ্মাণ কৰা বুলিও তেওঁ উল্লেখ কৰে। 

অত্যাধুনিক সঁজুলি আৰু সমাধান প্ৰদান কৰি ভাৰতীয় নিৰ্মাতাসকলক বিশ্বব্যাপী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সৱলীকৰণ কৰাৰ লক্ষ্য ৰখাৰ কথা ব্যক্ত কৰে সঞ্চালকগৰাকীয়ে। যাৰ ফলত উভয়ৰে উদ্ভাৱন আৰু অৰ্থনৈতিক প্ৰগতিৰ উন্নত হ’ব বুলি ৰিচাৰ্ড চানে কয়।

ভাৰতত পৰিৱৰ্তনশীল মেচিন টুল প্ৰযুক্তিৰ প্ৰৱৰ্তন কৰি উদ্যোগিক উৎকৰ্ষতাৰ নতুন যুগৰ সূচনা কৰা আৰু টাইৱান আৰু ভাৰতৰ মাজত সহযোগিতা স্থাপন কৰাই এতিয়া প্ৰযুক্তিখণ্ডৰ মূল লক্ষ্য বুলি সঞ্চালকগৰাকীয়ে মন্তব্য কৰে।

ইফালে বালকৃষ্ণই কয় যে অত্যাধুনিক সঁজুলিসমূহে ভাৰতীয় কোম্পানীসমূহক কাৰ্য্যকৰী দক্ষতা বৃদ্ধি, পণ্যৰ মান উন্নত কৰা আৰু বহনক্ষম পদ্ধতি গ্ৰহণ কৰাত সহায় কৰিব। যাৰ ফলত গতিশীল বিশ্ব বজাৰত প্ৰতিযোগিতামূলকভাৱে বৰ্তি থাকিব পাৰিব কোম্পানীসমূহ।

bengaluru